MyDugsiStart learning

Surah Al-Ma'idah in Assamese: translation and audio

Surah 5 · المائدة · The Table Spread · 120 verses

Surah Al-Ma'idah verse by verse: the Arabic with a recitation you can repeat, the transliteration, and the Assamese translation by Shaykh Rafeequl Islam Habibur-Rahman. For the meaning of every word, see Surah Al-Ma'idah word by word in English.

Verse 1

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ أَوْفُوا۟ بِٱلْعُقُودِ ۚ أُحِلَّتْ لَكُم بَهِيمَةُ ٱلْأَنْعَـٰمِ إِلَّا مَا يُتْلَىٰ عَلَيْكُمْ غَيْرَ مُحِلِّى ٱلصَّيْدِ وَأَنتُمْ حُرُمٌ ۗ إِنَّ ٱللَّهَ يَحْكُمُ مَا يُرِيدُ

Transliteration yāayyuhā alladhīna āmanū awfū bil-ʿuqūdi uḥillat lakum bahīmatu l-anʿāmi illā mā yut'lā ʿalaykum ghayra muḥillī l-ṣaydi wa-antum ḥurumun inna l-laha yaḥkumu mā yurīdu

Assamese হে মুমিনসকল! তোমালোকে অঙ্গীকাৰসমূহ পূৰণ কৰিবা। যিবোৰ তোমালোকৰ ওচৰত বৰ্ণিত হৈছে সেইবোৰৰ বাহিৰে তোমালোকৰ বাবে ঘৰচীয়া চতুষ্পদ জন্তু হালাল কৰা হৈছে, কিন্তু ইহৰাম অৱস্থাত চিকাৰ কৰাক বৈধ বুলি নাভাৱিবা। নিশ্চয় আল্লাহে যি বিচাৰে আদেশ দিয়ে।

Verse 2

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا تُحِلُّوا۟ شَعَـٰٓئِرَ ٱللَّهِ وَلَا ٱلشَّهْرَ ٱلْحَرَامَ وَلَا ٱلْهَدْىَ وَلَا ٱلْقَلَـٰٓئِدَ وَلَآ ءَآمِّينَ ٱلْبَيْتَ ٱلْحَرَامَ يَبْتَغُونَ فَضْلًا مِّن رَّبِّهِمْ وَرِضْوَٰنًا ۚ وَإِذَا حَلَلْتُمْ فَٱصْطَادُوا۟ ۚ وَلَا يَجْرِمَنَّكُمْ شَنَـَٔانُ قَوْمٍ أَن صَدُّوكُمْ عَنِ ٱلْمَسْجِدِ ٱلْحَرَامِ أَن تَعْتَدُوا۟ ۘ وَتَعَاوَنُوا۟ عَلَى ٱلْبِرِّ وَٱلتَّقْوَىٰ ۖ وَلَا تَعَاوَنُوا۟ عَلَى ٱلْإِثْمِ وَٱلْعُدْوَٰنِ ۚ وَٱتَّقُوا۟ ٱللَّهَ ۖ إِنَّ ٱللَّهَ شَدِيدُ ٱلْعِقَابِ

Transliteration yāayyuhā alladhīna āmanū lā tuḥillū shaʿāira l-lahi walā l-shahra l-ḥarāma walā l-hadya walā l-qalāida walā āmmīna l-bayta l-ḥarāma yabtaghūna faḍlan min rabbihim wariḍ'wānan wa-idhā ḥalaltum fa-iṣ'ṭādū walā yajrimannakum shanaānu qawmin an ṣaddūkum ʿani l-masjidi l-ḥarāmi an taʿtadū wataʿāwanū ʿalā l-biri wal-taqwā walā taʿāwanū ʿalā l-ith'mi wal-ʿud'wāni wa-ittaqū l-laha inna l-laha shadīdu l-ʿiqābi

Assamese হে মুমিনসকল! তোমালোকে আল্লাহৰ নিদৰ্শনসমূহক, পৱিত্ৰ মাহক, কুৰবানীৰ বাবে কা’বালৈ প্ৰেৰণ কৰা পশুক, ডিঙিত পৰিধান কৰোৱা চিহ্নবিশিষ্ট পশুক আৰু নিজ প্ৰতিপালকৰ অনুগ্ৰহক লগতে সন্তুষ্টিৰ অনুসন্ধানত পৱিত্ৰ ঘৰৰ অভিমুখে ৰাৱানা হোৱা যাত্ৰীসকলক অপমান নকৰিবা। আৰু যেতিয়া তোমালোকে ইহৰামমুক্ত হোৱা তেতিয়া চিকাৰ কৰিব পাৰা। তোমালোকক মছজিদুল হাৰামত প্ৰৱেশ কৰিবলৈ নিষেধ কৰাৰ কাৰণে কোনো সম্প্ৰদায়ৰ প্ৰতি শত্ৰুতাই তোমালোকক যাতে কেতিয়াও সীমালংঘনত প্ৰৰোচিত নকৰে। সৎকৰ্ম আৰু তাক্বৱাৰ বিষয়ত তোমালোকে পৰস্পৰক সহায়-সহযোগিতা কৰিবা আৰু পাপ কৰ্ম আৰু সীমালংঘনত এজনে আনজনৰ সহায়-সহযোগিতা নকৰিবা, আৰু আল্লাহৰ তাক্বৱা আৱলম্বন কৰা। নিশ্চয় আল্লাহ শাস্তি দানত অতি কঠোৰ।

Verse 3

حُرِّمَتْ عَلَيْكُمُ ٱلْمَيْتَةُ وَٱلدَّمُ وَلَحْمُ ٱلْخِنزِيرِ وَمَآ أُهِلَّ لِغَيْرِ ٱللَّهِ بِهِۦ وَٱلْمُنْخَنِقَةُ وَٱلْمَوْقُوذَةُ وَٱلْمُتَرَدِّيَةُ وَٱلنَّطِيحَةُ وَمَآ أَكَلَ ٱلسَّبُعُ إِلَّا مَا ذَكَّيْتُمْ وَمَا ذُبِحَ عَلَى ٱلنُّصُبِ وَأَن تَسْتَقْسِمُوا۟ بِٱلْأَزْلَـٰمِ ۚ ذَٰلِكُمْ فِسْقٌ ۗ ٱلْيَوْمَ يَئِسَ ٱلَّذِينَ كَفَرُوا۟ مِن دِينِكُمْ فَلَا تَخْشَوْهُمْ وَٱخْشَوْنِ ۚ ٱلْيَوْمَ أَكْمَلْتُ لَكُمْ دِينَكُمْ وَأَتْمَمْتُ عَلَيْكُمْ نِعْمَتِى وَرَضِيتُ لَكُمُ ٱلْإِسْلَـٰمَ دِينًا ۚ فَمَنِ ٱضْطُرَّ فِى مَخْمَصَةٍ غَيْرَ مُتَجَانِفٍ لِّإِثْمٍ ۙ فَإِنَّ ٱللَّهَ غَفُورٌ رَّحِيمٌ

Transliteration ḥurrimat ʿalaykumu l-maytatu wal-damu walaḥmu l-khinzīri wamā uhilla lighayri l-lahi bihi wal-mun'khaniqatu wal-mawqūdhatu wal-mutaradiyatu wal-naṭīḥatu wamā akala l-sabuʿu illā mā dhakkaytum wamā dhubiḥa ʿalā l-nuṣubi wa-an tastaqsimū bil-azlāmi dhālikum fis'qun l-yawma ya-isa alladhīna kafarū min dīnikum falā takhshawhum wa-ikh'shawni l-yawma akmaltu lakum dīnakum wa-atmamtu ʿalaykum niʿ'matī waraḍītu lakumu l-is'lāma dīnan famani uḍ'ṭurra fī makhmaṣatin ghayra mutajānifin li-ith'min fa-inna l-laha ghafūrun raḥīmun

Assamese তোমালোকৰ বাবে হাৰাম কৰা হৈছে মৃত জন্তু, তেজ, গাহৰিৰ মাংস, আল্লাহৰ বাহিৰে আনৰ নামত জবেহ কৰা পশু, ডিঙি চেপি বধ কৰা জন্তু, প্ৰহাৰ কৰি বধ কৰা জন্তু, ওপৰৰ পৰা পৰি মৰা পশু, অন্য প্ৰাণীৰ শিঙৰ আঘাতত মৰা জন্তু আৰু হিংস্ৰ পশুৱে খোৱা জন্তু কিন্তু যিটো তোমালোকে জবেহ কৰিব পাৰিছা সেইটোৰ বাহিৰে, আৰু সেইটোও হাৰাম কৰা হৈছে যিটো মূৰ্তি পূজাৰ বেদীত বলী দিয়া হয়। তীৰ খেলৰ জুৱাৰে ভাগ্য নিৰ্ণয় কৰাও নিষিদ্ধ কৰা হৈছে। এই সকলোবোৰ মহাপাপ। আজি কাফিৰসকল তোমালোকৰ বিৰুদ্ধাচৰণত হতাশ হৈছে, সেয়ে সিহঁতক ভয় নকৰিবা কেৱল মোকেই ভয় কৰা। আজি মই তোমালোকৰ বাবে তোমালোকৰ দ্বীনক পৰিপূৰ্ণ কৰিলো আৰু তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ সম্পূৰ্ণ কৰিলো, আৰু তোমালোকৰ বাবে ইছলামক দ্বীন হিচাপে মনোনীত কৰিলো। এতেকে যিয়ে পাপ কৰ্মৰ ফালে ধাৱিত নহৈ কেৱল ভোকৰ তাড়নাত বাধ্য হৈ (ভক্ষণ কৰিলে) তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

Verse 4

يَسْـَٔلُونَكَ مَاذَآ أُحِلَّ لَهُمْ ۖ قُلْ أُحِلَّ لَكُمُ ٱلطَّيِّبَـٰتُ ۙ وَمَا عَلَّمْتُم مِّنَ ٱلْجَوَارِحِ مُكَلِّبِينَ تُعَلِّمُونَهُنَّ مِمَّا عَلَّمَكُمُ ٱللَّهُ ۖ فَكُلُوا۟ مِمَّآ أَمْسَكْنَ عَلَيْكُمْ وَٱذْكُرُوا۟ ٱسْمَ ٱللَّهِ عَلَيْهِ ۖ وَٱتَّقُوا۟ ٱللَّهَ ۚ إِنَّ ٱللَّهَ سَرِيعُ ٱلْحِسَابِ

Transliteration yasalūnaka mādhā uḥilla lahum qul uḥilla lakumu l-ṭayibātu wamā ʿallamtum mina l-jawāriḥi mukallibīna tuʿallimūnahunna mimmā ʿallamakumu l-lahu fakulū mimmā amsakna ʿalaykum wa-udh'kurū is'ma l-lahi ʿalayhi wa-ittaqū l-laha inna l-laha sarīʿu l-ḥisābi

Assamese মানুহে তোমাক প্ৰশ্ন কৰে, সিহঁতৰ বাবে কি কি হালাল কৰা হৈছে? কোৱা, ‘তোমালোকৰ বাবে সকলো ধৰণৰ পৱিত্ৰ বস্তু হালাল কৰা হৈছে, আৰু চিকাৰী জন্তু যিবোৰক তোমালোকে চিকাৰ প্ৰশিক্ষণ দিছা আৰু যিবোৰক তোমালোকে সেই শিক্ষা দিয়া যিটো আল্লাহে তোমালোকক শিকাইছে। এতেকে এনেকুৱা জন্তুৱে তোমালোকৰ বাবে যি ধৰি আনে সেয়া তোমালোকে খোৱা, অৱশ্যে তাৰ ওপৰত আল্লাহৰ নাম ল’বা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় আল্লাহ অতি দ্ৰুত হিচাপ গ্ৰহণকাৰী।

Verse 5

ٱلْيَوْمَ أُحِلَّ لَكُمُ ٱلطَّيِّبَـٰتُ ۖ وَطَعَامُ ٱلَّذِينَ أُوتُوا۟ ٱلْكِتَـٰبَ حِلٌّ لَّكُمْ وَطَعَامُكُمْ حِلٌّ لَّهُمْ ۖ وَٱلْمُحْصَنَـٰتُ مِنَ ٱلْمُؤْمِنَـٰتِ وَٱلْمُحْصَنَـٰتُ مِنَ ٱلَّذِينَ أُوتُوا۟ ٱلْكِتَـٰبَ مِن قَبْلِكُمْ إِذَآ ءَاتَيْتُمُوهُنَّ أُجُورَهُنَّ مُحْصِنِينَ غَيْرَ مُسَـٰفِحِينَ وَلَا مُتَّخِذِىٓ أَخْدَانٍ ۗ وَمَن يَكْفُرْ بِٱلْإِيمَـٰنِ فَقَدْ حَبِطَ عَمَلُهُۥ وَهُوَ فِى ٱلْـَٔاخِرَةِ مِنَ ٱلْخَـٰسِرِينَ

Transliteration al-yawma uḥilla lakumu l-ṭayibātu waṭaʿāmu alladhīna ūtū l-kitāba ḥillun lakum waṭaʿāmukum ḥillun lahum wal-muḥ'ṣanātu mina l-mu'mināti wal-muḥ'ṣanātu mina alladhīna ūtū l-kitāba min qablikum idhā ātaytumūhunna ujūrahunna muḥ'ṣinīna ghayra musāfiḥīna walā muttakhidhī akhdānin waman yakfur bil-īmāni faqad ḥabiṭa ʿamaluhu wahuwa fī l-ākhirati mina l-khāsirīna

Assamese আজি তোমালোকৰ বাবে সকলো ধৰণৰ পৱিত্ৰ বস্তু হালাল কৰা হ’ল আৰু যিসকলক কিতাব প্ৰদান কৰা হৈছে সিহঁতৰ খাদ্যদ্ৰব্যও তোমালোকৰ বাবে হালাল কৰা হৈছে আৰু তোমালোকৰ খাদ্য দ্ৰব্য সিহঁতৰ বাবে হালাল কৰা হৈছে। মুমিনা সচ্চৰিত্ৰা নাৰী আৰু তোমালোকৰ আগত যিসকলক কিতাব প্ৰদান কৰা হৈছে সিহঁতৰ সচ্চৰিত্ৰা নাৰীসকলক তোমালোকৰ বাবে বৈধ কৰা হৈছে যদিহে তোমালোকে বিবাহৰ বাবত মোহৰ প্ৰদান কৰা, প্ৰকাশ্য ব্যভিচাৰ বা গোপন যৌনসঙ্গীনী হিচাপে নহয়। আৰু যিয়ে ঈমানৰ সৈতে কুফৰী কৰিব নিশ্চয় তাৰ আমল নিষ্ফল হ’ব আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’ব।

Verse 6

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِذَا قُمْتُمْ إِلَى ٱلصَّلَوٰةِ فَٱغْسِلُوا۟ وُجُوهَكُمْ وَأَيْدِيَكُمْ إِلَى ٱلْمَرَافِقِ وَٱمْسَحُوا۟ بِرُءُوسِكُمْ وَأَرْجُلَكُمْ إِلَى ٱلْكَعْبَيْنِ ۚ وَإِن كُنتُمْ جُنُبًا فَٱطَّهَّرُوا۟ ۚ وَإِن كُنتُم مَّرْضَىٰٓ أَوْ عَلَىٰ سَفَرٍ أَوْ جَآءَ أَحَدٌ مِّنكُم مِّنَ ٱلْغَآئِطِ أَوْ لَـٰمَسْتُمُ ٱلنِّسَآءَ فَلَمْ تَجِدُوا۟ مَآءً فَتَيَمَّمُوا۟ صَعِيدًا طَيِّبًا فَٱمْسَحُوا۟ بِوُجُوهِكُمْ وَأَيْدِيكُم مِّنْهُ ۚ مَا يُرِيدُ ٱللَّهُ لِيَجْعَلَ عَلَيْكُم مِّنْ حَرَجٍ وَلَـٰكِن يُرِيدُ لِيُطَهِّرَكُمْ وَلِيُتِمَّ نِعْمَتَهُۥ عَلَيْكُمْ لَعَلَّكُمْ تَشْكُرُونَ

Transliteration yāayyuhā alladhīna āmanū idhā qum'tum ilā l-ṣalati fa-igh'silū wujūhakum wa-aydiyakum ilā l-marāfiqi wa-im'saḥū biruūsikum wa-arjulakum ilā l-kaʿbayni wa-in kuntum junuban fa-iṭṭahharū wa-in kuntum marḍā aw ʿalā safarin aw jāa aḥadun minkum mina l-ghāiṭi aw lāmastumu l-nisāa falam tajidū māan fatayammamū ṣaʿīdan ṭayyiban fa-im'saḥū biwujūhikum wa-aydīkum min'hu mā yurīdu l-lahu liyajʿala ʿalaykum min ḥarajin walākin yurīdu liyuṭahhirakum waliyutimma niʿ'matahu ʿalaykum laʿallakum tashkurūna

Assamese হে মুমিনসকল! যেতিয়া তোমালোকে ছালাতৰ বাবে থিয় হ’ব বিচৰা তেতিয়া তোমালোকে নিজৰ মুখমণ্ডল ধোৱা আৰু কিলাকুটিলৈকে হাত ধোৱা, তোমালোকৰ মূৰ মছেহ কৰা আৰু সৰু গাঠি লৈকে ভৰি ধোৱা, আৰু যদি তোমালোকে জুনুবী অৱস্থাত থকা তেনেহ’লে বিশেষভাৱে পৱিত্ৰতা অৰ্জন কৰা। যদি তোমালোকে অসুস্থ হোৱা অথবা ভ্ৰমণত থকা অথবা তোমালোকৰ কোনোবাই মল-মুত্ৰ ত্যাগ কৰি আহে নাইবা স্ত্ৰীৰ লগত সহবাস কৰে আৰু (পৱিত্ৰ হ’বলৈ) পানী নোপোৱা তেন্তে পৱিত্ৰ মাটিৰ দ্বাৰা তায়াম্মুম কৰিবা। আল্লাহে তোমালোকৰ ওপৰত কোনো ধৰণৰ সংকীৰ্ণতা কৰিব নিবিচাৰে; বৰং তেওঁ তোমালোকক পৱিত্ৰ কৰিব বিচাৰে আৰু তোমালোকৰ ওপৰত তেওঁৰ নিয়ামত সম্পূৰ্ণ কৰিব বিচাৰে, যাতে তোমালোকে কৃতজ্ঞতা জ্ঞাপন কৰা।

Verse 7

وَٱذْكُرُوا۟ نِعْمَةَ ٱللَّهِ عَلَيْكُمْ وَمِيثَـٰقَهُ ٱلَّذِى وَاثَقَكُم بِهِۦٓ إِذْ قُلْتُمْ سَمِعْنَا وَأَطَعْنَا ۖ وَٱتَّقُوا۟ ٱللَّهَ ۚ إِنَّ ٱللَّهَ عَلِيمٌۢ بِذَاتِ ٱلصُّدُورِ

Transliteration wa-udh'kurū niʿ'mata l-lahi ʿalaykum wamīthāqahu alladhī wāthaqakum bihi idh qul'tum samiʿ'nā wa-aṭaʿnā wa-ittaqū l-laha inna l-laha ʿalīmun bidhāti l-ṣudūri

Assamese আৰু স্মৰণ কৰা, তোমালোকৰ ওপৰত আল্লাহৰ নিয়ামত আৰু সেই অঙ্গীকাৰ যিটো তেওঁ তোমালোকৰ পৰা লৈছিল, যেতিয়া তোমালোকে কৈছিলা, ‘আমি শুনিলো আৰু মানি ল’লো’, আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় অন্তৰত যি আছে সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।

Verse 8

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ كُونُوا۟ قَوَّٰمِينَ لِلَّهِ شُهَدَآءَ بِٱلْقِسْطِ ۖ وَلَا يَجْرِمَنَّكُمْ شَنَـَٔانُ قَوْمٍ عَلَىٰٓ أَلَّا تَعْدِلُوا۟ ۚ ٱعْدِلُوا۟ هُوَ أَقْرَبُ لِلتَّقْوَىٰ ۖ وَٱتَّقُوا۟ ٱللَّهَ ۚ إِنَّ ٱللَّهَ خَبِيرٌۢ بِمَا تَعْمَلُونَ

Transliteration yāayyuhā alladhīna āmanū kūnū qawwāmīna lillahi shuhadāa bil-qis'ṭi walā yajrimannakum shanaānu qawmin ʿalā allā taʿdilū iʿ'dilū huwa aqrabu lilttaqwā wa-ittaqū l-laha inna l-laha khabīrun bimā taʿmalūna

Assamese হে মুমিনসকল! আল্লাহৰ উদ্দেশ্যে ন্যায় সাক্ষ্যদানত তোমালোকে অবিচল থাকিবা, কোনো সম্প্ৰদায়ৰ প্ৰতি শত্ৰুতাই তোমালোকক যাতে সুবিচাৰ বৰ্জনত প্ৰৰোচিত নকৰে। তোমালোকে সুবিচাৰ কৰিবা, এইটোৱেই তাক্বৱাৰ অধিক নিকটৱৰ্তী। তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় তোমালোকে যি কৰা আল্লাহ সেই বিষয়ে সম্যক অৱহিত।

Verse 9

وَعَدَ ٱللَّهُ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ ۙ لَهُم مَّغْفِرَةٌ وَأَجْرٌ عَظِيمٌ

Transliteration waʿada l-lahu alladhīna āmanū waʿamilū l-ṣāliḥāti lahum maghfiratun wa-ajrun ʿaẓīmun

Assamese যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক প্ৰতিশ্ৰুতি দিছে যে, তেওঁলোকৰ বাবে আছে ক্ষমা আৰু মহাপুৰষ্কাৰ।

Verse 10

وَٱلَّذِينَ كَفَرُوا۟ وَكَذَّبُوا۟ بِـَٔايَـٰتِنَآ أُو۟لَـٰٓئِكَ أَصْحَـٰبُ ٱلْجَحِيمِ

Transliteration wa-alladhīna kafarū wakadhabū biāyātinā ulāika aṣḥābu l-jaḥīmi

Assamese আৰু যিসকলে কুফৰী কৰিছে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতেই প্ৰজ্বলিত জুইৰ আধিবাসী।

Verse 11

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ ٱذْكُرُوا۟ نِعْمَتَ ٱللَّهِ عَلَيْكُمْ إِذْ هَمَّ قَوْمٌ أَن يَبْسُطُوٓا۟ إِلَيْكُمْ أَيْدِيَهُمْ فَكَفَّ أَيْدِيَهُمْ عَنكُمْ ۖ وَٱتَّقُوا۟ ٱللَّهَ ۚ وَعَلَى ٱللَّهِ فَلْيَتَوَكَّلِ ٱلْمُؤْمِنُونَ

Transliteration yāayyuhā alladhīna āmanū udh'kurū niʿ'mata l-lahi ʿalaykum idh hamma qawmun an yabsuṭū ilaykum aydiyahum fakaffa aydiyahum ʿankum wa-ittaqū l-laha waʿalā l-lahi falyatawakkali l-mu'minūna

Assamese হে মুমিনসকল! তোমালোকৰ প্ৰতি আল্লাহৰ নিয়ামত স্মৰণ কৰা যেতিয়া এটা সম্প্ৰদায়ে তোমালোকৰ বিৰুদ্ধে সিহঁতৰ হাত প্ৰসাৰিত কৰিবলৈ মনস্থ কৰিছিল, তাৰ পিছত আল্লাহে সিহঁতৰ হাত তোমালোকৰ পৰা নিবৃত ৰাখিছিল। তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু আল্লাহৰ ওপৰতেই মুমিনসকলে ভৰসা কৰা উচিত।

Verse 12

۞ وَلَقَدْ أَخَذَ ٱللَّهُ مِيثَـٰقَ بَنِىٓ إِسْرَٰٓءِيلَ وَبَعَثْنَا مِنْهُمُ ٱثْنَىْ عَشَرَ نَقِيبًا ۖ وَقَالَ ٱللَّهُ إِنِّى مَعَكُمْ ۖ لَئِنْ أَقَمْتُمُ ٱلصَّلَوٰةَ وَءَاتَيْتُمُ ٱلزَّكَوٰةَ وَءَامَنتُم بِرُسُلِى وَعَزَّرْتُمُوهُمْ وَأَقْرَضْتُمُ ٱللَّهَ قَرْضًا حَسَنًا لَّأُكَفِّرَنَّ عَنكُمْ سَيِّـَٔاتِكُمْ وَلَأُدْخِلَنَّكُمْ جَنَّـٰتٍ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ ۚ فَمَن كَفَرَ بَعْدَ ذَٰلِكَ مِنكُمْ فَقَدْ ضَلَّ سَوَآءَ ٱلسَّبِيلِ

Transliteration walaqad akhadha l-lahu mīthāqa banī is'rāīla wabaʿathnā min'humu ith'nay ʿashara naqīban waqāla l-lahu innī maʿakum la-in aqamtumu l-ṣalata waātaytumu l-zakata waāmantum birusulī waʿazzartumūhum wa-aqraḍtumu l-laha qarḍan ḥasanan la-ukaffiranna ʿankum sayyiātikum wala-ud'khilannakum jannātin tajrī min taḥtihā l-anhāru faman kafara baʿda dhālika minkum faqad ḍalla sawāa l-sabīli

Assamese আৰু অৱশ্যে আল্লাহে বনী ইছৰাঈলৰ পৰা অঙ্গীকাৰ গ্ৰহণ কৰিছিল আৰু আমি সিহঁতৰ মাজৰ পৰা বাৰজন লোকক নেতা নিযুক্তি দি পঠিয়াইছিলো। আল্লাহে কৈছিল, ‘নিশ্চয় আমি তোমালোকৰ লগত আছো, যদি তোমালোকে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা, আৰু আমাৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনা, তেওঁলোকক সন্মান সহযোগিতা কৰা আৰু আল্লাহক উত্তম ঋণ প্ৰদান কৰা তেন্তে অৱশ্যে আমি তোমালোকৰ পাপসমূহ মোচন কৰিম আৰু তোমালোকক অৱশ্যে জান্নাতত প্ৰৱেশ কৰাম যাৰ মাজত নদীসমূহ প্ৰবাহিত’। ইয়াৰ পিছতো যিয়ে কুফুৰী কৰিব সি অৱশ্যে সৰল পথৰ পৰা আঁতৰি যাব।

Verse 13

فَبِمَا نَقْضِهِم مِّيثَـٰقَهُمْ لَعَنَّـٰهُمْ وَجَعَلْنَا قُلُوبَهُمْ قَـٰسِيَةً ۖ يُحَرِّفُونَ ٱلْكَلِمَ عَن مَّوَاضِعِهِۦ ۙ وَنَسُوا۟ حَظًّا مِّمَّا ذُكِّرُوا۟ بِهِۦ ۚ وَلَا تَزَالُ تَطَّلِعُ عَلَىٰ خَآئِنَةٍ مِّنْهُمْ إِلَّا قَلِيلًا مِّنْهُمْ ۖ فَٱعْفُ عَنْهُمْ وَٱصْفَحْ ۚ إِنَّ ٱللَّهَ يُحِبُّ ٱلْمُحْسِنِينَ

Transliteration fabimā naqḍihim mīthāqahum laʿannāhum wajaʿalnā qulūbahum qāsiyatan yuḥarrifūna l-kalima ʿan mawāḍiʿihi wanasū ḥaẓẓan mimmā dhukkirū bihi walā tazālu taṭṭaliʿu ʿalā khāinatin min'hum illā qalīlan min'hum fa-uʿ'fu ʿanhum wa-iṣ'faḥ inna l-laha yuḥibbu l-muḥ'sinīna

Assamese তাৰ পিছত সিহঁতে অঙ্গীকাৰ ভঙ্গ কৰাৰ কাৰণে সিহঁতক আমি অভিসম্পাত কৰিছো আৰু সিহঁতৰ হৃদয়ক কঠিন কৰি দিছো, সিহঁতে শব্দবোৰক নিজ স্থানৰ পৰা বিকৃত কৰে আৰু সিহঁতক যি উপদেশ দিয়া হৈছিল তাৰ একাংশ সিহঁতে পাহৰি গৈছে। তুমি সদায় সিহঁতৰ কিছুসংখ্যকৰ বাহিৰে অধিকাংশকেই বিশ্বাসঘাতকতা কৰোঁতে দেখিবলৈ পাবা, সেয়ে সিহঁতক ক্ষমা কৰা আৰু উপেক্ষা কৰা। নিশ্চয় আল্লাহে সৎকৰ্মপৰায়ণকাৰী সকলক ভাল পায়।

Verse 14

وَمِنَ ٱلَّذِينَ قَالُوٓا۟ إِنَّا نَصَـٰرَىٰٓ أَخَذْنَا مِيثَـٰقَهُمْ فَنَسُوا۟ حَظًّا مِّمَّا ذُكِّرُوا۟ بِهِۦ فَأَغْرَيْنَا بَيْنَهُمُ ٱلْعَدَاوَةَ وَٱلْبَغْضَآءَ إِلَىٰ يَوْمِ ٱلْقِيَـٰمَةِ ۚ وَسَوْفَ يُنَبِّئُهُمُ ٱللَّهُ بِمَا كَانُوا۟ يَصْنَعُونَ

Transliteration wamina alladhīna qālū innā naṣārā akhadhnā mīthāqahum fanasū ḥaẓẓan mimmā dhukkirū bihi fa-aghraynā baynahumu l-ʿadāwata wal-baghḍāa ilā yawmi l-qiyāmati wasawfa yunabbi-uhumu l-lahu bimā kānū yaṣnaʿūna

Assamese আৰু যিসকলে কয়, ‘আমি নাছাৰা’, সিহঁতৰো আমি অঙ্গীকাৰ গ্ৰহণ কৰিছিলো; তাৰ পিছত সিহঁতক যি উপদেশ দিয়া হৈছিল তাৰে একাংশ সিহঁতে পাহৰি গৈছিল। ফলত আমি সিহঁতৰ মাজত কিয়ামত পৰ্যন্ত স্থায়ী শত্ৰুতা আৰু বিদ্বেষ জাগৰুক কৰি ৰাখিছো। সিহঁতে যি কৰিছিল সেয়া আল্লাহে অচিৰেই সিহঁতক জনাই দিব।

Verse 15

يَـٰٓأَهْلَ ٱلْكِتَـٰبِ قَدْ جَآءَكُمْ رَسُولُنَا يُبَيِّنُ لَكُمْ كَثِيرًا مِّمَّا كُنتُمْ تُخْفُونَ مِنَ ٱلْكِتَـٰبِ وَيَعْفُوا۟ عَن كَثِيرٍ ۚ قَدْ جَآءَكُم مِّنَ ٱللَّهِ نُورٌ وَكِتَـٰبٌ مُّبِينٌ

Transliteration yāahla l-kitābi qad jāakum rasūlunā yubayyinu lakum kathīran mimmā kuntum tukh'fūna mina l-kitābi wayaʿfū ʿan kathīrin qad jāakum mina l-lahi nūrun wakitābun mubīnun

Assamese হে কিতাবীসকল! তোমালোকৰ ওচৰত আমাৰ ৰাছুল আহি পাইছে, তোমালোকে কিতাবৰ পৰা যি গোপন কৰিছিলা তাৰে বেছি ভাগ তেওঁ তোমালোকৰ ওচৰত প্ৰকাশ কৰিছে আৰু বহুখিনি এৰি দিছে। অৱশ্যে আল্লাহৰ তৰফৰ পৰা এটা জ্যোতি আৰু স্পষ্ট কিতাব তোমালোকৰ ওচৰত আহিছে।

Verse 16

يَهْدِى بِهِ ٱللَّهُ مَنِ ٱتَّبَعَ رِضْوَٰنَهُۥ سُبُلَ ٱلسَّلَـٰمِ وَيُخْرِجُهُم مِّنَ ٱلظُّلُمَـٰتِ إِلَى ٱلنُّورِ بِإِذْنِهِۦ وَيَهْدِيهِمْ إِلَىٰ صِرَٰطٍ مُّسْتَقِيمٍ

Transliteration yahdī bihi l-lahu mani ittabaʿa riḍ'wānahu subula l-salāmi wayukh'rijuhum mina l-ẓulumāti ilā l-nūri bi-idh'nihi wayahdīhim ilā ṣirāṭin mus'taqīmin

Assamese যিসকলে আল্লাহৰ সন্তুষ্টিৰ অনুসৰণ কৰে, ইয়াৰ মাধ্যমত তেওঁ সিহঁতক শান্তিৰ পথত পৰিচালিত কৰে আৰু সিহঁতক নিজ অনুমতিক্ৰমে অন্ধকাৰৰ পৰা পোহৰলৈ ওলাই আনে লগতে সিহঁতক সৰল পথৰ হিদায়ত দিয়ে।

Verse 17

لَّقَدْ كَفَرَ ٱلَّذِينَ قَالُوٓا۟ إِنَّ ٱللَّهَ هُوَ ٱلْمَسِيحُ ٱبْنُ مَرْيَمَ ۚ قُلْ فَمَن يَمْلِكُ مِنَ ٱللَّهِ شَيْـًٔا إِنْ أَرَادَ أَن يُهْلِكَ ٱلْمَسِيحَ ٱبْنَ مَرْيَمَ وَأُمَّهُۥ وَمَن فِى ٱلْأَرْضِ جَمِيعًا ۗ وَلِلَّهِ مُلْكُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَمَا بَيْنَهُمَا ۚ يَخْلُقُ مَا يَشَآءُ ۚ وَٱللَّهُ عَلَىٰ كُلِّ شَىْءٍ قَدِيرٌ

Transliteration laqad kafara alladhīna qālū inna l-laha huwa l-masīḥu ub'nu maryama qul faman yamliku mina l-lahi shayan in arāda an yuh'lika l-masīḥa ib'na maryama wa-ummahu waman fī l-arḍi jamīʿan walillahi mul'ku l-samāwāti wal-arḍi wamā baynahumā yakhluqu mā yashāu wal-lahu ʿalā kulli shayin qadīrun

Assamese অৱশ্যে সিহঁতে কুফুৰী কৰিছে যিসকলে কয় যে, ‘মাৰইয়ামৰ পুত্ৰ মছিহেই আল্লাহ’। কোৱা, ‘যদি আল্লাহে মছিহ ইবনে মাৰইয়ামক আৰু তেওঁৰ মাকক আৰু পৃথিৱীৰ মাজত যি আছে সেই সকলোকে ধ্বংস কৰিব বিচাৰে তেন্তে তেওঁক বাধা দিবলৈ কাৰ শক্তি আছে’? আকাশমণ্ডল আৰু পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে সেই সকলোবোৰৰ সাৰ্বভৌমত্ব কেৱল আল্লাহৰেই। তেওঁ যি ইচ্ছা সৃষ্টি কৰে আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

Verse 18

وَقَالَتِ ٱلْيَهُودُ وَٱلنَّصَـٰرَىٰ نَحْنُ أَبْنَـٰٓؤُا۟ ٱللَّهِ وَأَحِبَّـٰٓؤُهُۥ ۚ قُلْ فَلِمَ يُعَذِّبُكُم بِذُنُوبِكُم ۖ بَلْ أَنتُم بَشَرٌ مِّمَّنْ خَلَقَ ۚ يَغْفِرُ لِمَن يَشَآءُ وَيُعَذِّبُ مَن يَشَآءُ ۚ وَلِلَّهِ مُلْكُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَمَا بَيْنَهُمَا ۖ وَإِلَيْهِ ٱلْمَصِيرُ

Transliteration waqālati l-yahūdu wal-naṣārā naḥnu abnāu l-lahi wa-aḥibbāuhu qul falima yuʿadhibukum bidhunūbikum bal antum basharun mimman khalaqa yaghfiru liman yashāu wayuʿadhibu man yashāu walillahi mul'ku l-samāwāti wal-arḍi wamā baynahumā wa-ilayhi l-maṣīru

Assamese ইয়াহূদী আৰু নাছাৰাসকলে কয়, ‘আমি আল্লাহৰ পুত্ৰ আৰু তেওঁৰ প্ৰিয়পাত্ৰ’। কোৱা, ‘তেন্তে কিয় তেওঁ তোমালোকক তোমালোকৰ গুণাহৰ কাৰণে শাস্তি দিয়ে? বৰং তোমালোক সিহঁতৰেই অন্তৰ্গত মানুহ যিসকলক তেওঁ সৃষ্টি কৰিছে। যাক ইচ্ছা তেওঁ ক্ষমা কৰি দিয়ে আৰু যাক ইচ্ছা তেওঁ শাস্তি দিয়ে, আকাশসমূহ আৰু পৃথিৱীত লগতে এই দুয়োৰ মাজত যি আছে সেই সকলোবোৰৰ সাৰ্বভৌমত্ব আল্লাহৰেই, আৰু প্ৰত্যাৱৰ্তন তেওঁৰ ওচৰতেই।

Verse 19

يَـٰٓأَهْلَ ٱلْكِتَـٰبِ قَدْ جَآءَكُمْ رَسُولُنَا يُبَيِّنُ لَكُمْ عَلَىٰ فَتْرَةٍ مِّنَ ٱلرُّسُلِ أَن تَقُولُوا۟ مَا جَآءَنَا مِنۢ بَشِيرٍ وَلَا نَذِيرٍ ۖ فَقَدْ جَآءَكُم بَشِيرٌ وَنَذِيرٌ ۗ وَٱللَّهُ عَلَىٰ كُلِّ شَىْءٍ قَدِيرٌ

Transliteration yāahla l-kitābi qad jāakum rasūlunā yubayyinu lakum ʿalā fatratin mina l-rusuli an taqūlū mā jāanā min bashīrin walā nadhīrin faqad jāakum bashīrun wanadhīrun wal-lahu ʿalā kulli shayin qadīrun

Assamese হে কিতাবীসকল! ৰাছুল প্ৰেৰণৰ এটা বিৰতিৰ পিছত তোমালোকৰ ওচৰলৈ আমাৰ ৰাছুল আহিছে। তেওঁ তোমালোকৰ ওচৰত স্পষ্ট ব্যাখ্যা কৰিছে, যাতে তোমালোকে এইটো ক’ব নোৱাৰা যে, ‘আমাৰ ওচৰত কোনো সুসংবাদবাহী আৰু সাৱধানকাৰী অহা নাছিল’। অৱশ্যে তোমালোকৰ ওচৰত সুসংবাদদাতা আৰু সাৱধানকাৰী আহিছে। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।

Verse 20

وَإِذْ قَالَ مُوسَىٰ لِقَوْمِهِۦ يَـٰقَوْمِ ٱذْكُرُوا۟ نِعْمَةَ ٱللَّهِ عَلَيْكُمْ إِذْ جَعَلَ فِيكُمْ أَنۢبِيَآءَ وَجَعَلَكُم مُّلُوكًا وَءَاتَىٰكُم مَّا لَمْ يُؤْتِ أَحَدًا مِّنَ ٱلْعَـٰلَمِينَ

Transliteration wa-idh qāla mūsā liqawmihi yāqawmi udh'kurū niʿ'mata l-lahi ʿalaykum idh jaʿala fīkum anbiyāa wajaʿalakum mulūkan waātākum mā lam yu'ti aḥadan mina l-ʿālamīna

Assamese আৰু স্মৰণ কৰা, যেতিয়া মুছাই নিজ সম্প্ৰদায়ক কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ স্মৰণ কৰা যেতিয়া তেওঁ তোমালোকৰ মাজৰ পৰাই নবী বনাইছিল আৰু তোমালোকক ৰজা-বাদশ্বাহ বনাইছিল আৰু সৃষ্টিজগতৰ কাকো যিটো দান কৰা নাছিল সেইটো তোমালোকক প্ৰদান কৰিছিল’।

Verse 21

يَـٰقَوْمِ ٱدْخُلُوا۟ ٱلْأَرْضَ ٱلْمُقَدَّسَةَ ٱلَّتِى كَتَبَ ٱللَّهُ لَكُمْ وَلَا تَرْتَدُّوا۟ عَلَىٰٓ أَدْبَارِكُمْ فَتَنقَلِبُوا۟ خَـٰسِرِينَ

Transliteration yāqawmi ud'khulū l-arḍa l-muqadasata allatī kataba l-lahu lakum walā tartaddū ʿalā adbārikum fatanqalibū khāsirīna

Assamese ‘হে মোৰ সম্প্ৰদায়! আল্লাহে তোমালোকৰ বাবে যিটো পৱিত্ৰ ভূমি লিখি দিছে তাত তোমালোকে প্ৰৱেশ কৰা আৰু পশ্চাদপসৰণ নকৰিবা, এনে কৰিলে তোমালোকে ক্ষতিগ্ৰস্ত হৈ প্ৰত্যাবৰ্তন কৰিবা’।

Verse 22

قَالُوا۟ يَـٰمُوسَىٰٓ إِنَّ فِيهَا قَوْمًا جَبَّارِينَ وَإِنَّا لَن نَّدْخُلَهَا حَتَّىٰ يَخْرُجُوا۟ مِنْهَا فَإِن يَخْرُجُوا۟ مِنْهَا فَإِنَّا دَٰخِلُونَ

Transliteration qālū yāmūsā inna fīhā qawman jabbārīna wa-innā lan nadkhulahā ḥattā yakhrujū min'hā fa-in yakhrujū min'hā fa-innā dākhilūna

Assamese সিহঁতে ক’লে, ‘হে মুছা! নিশ্চয় তাত এটা শক্তিশালী সম্প্ৰদায় আছে আৰু সিহঁত তাৰ পৰা ওলাই নোযোৱালৈকে আমি কেতিয়াও তাত প্ৰৱেশ নকৰিম। এতেকে সিহঁত তাৰ পৰা ওলাই গ'লে নিশ্চয় আমি তাত প্ৰৱেশ কৰিম’।

Verse 23

قَالَ رَجُلَانِ مِنَ ٱلَّذِينَ يَخَافُونَ أَنْعَمَ ٱللَّهُ عَلَيْهِمَا ٱدْخُلُوا۟ عَلَيْهِمُ ٱلْبَابَ فَإِذَا دَخَلْتُمُوهُ فَإِنَّكُمْ غَـٰلِبُونَ ۚ وَعَلَى ٱللَّهِ فَتَوَكَّلُوٓا۟ إِن كُنتُم مُّؤْمِنِينَ

Transliteration qāla rajulāni mina alladhīna yakhāfūna anʿama l-lahu ʿalayhimā ud'khulū ʿalayhimu l-bāba fa-idhā dakhaltumūhu fa-innakum ghālibūna waʿalā l-lahi fatawakkalū in kuntum mu'minīna

Assamese যিসকলে ভয় কৰিছিল সিহঁতৰ মাজৰ দুজনে, যি দুজনৰ প্ৰতি আল্লাহে অনুগ্ৰহ কৰিছিল, সিহঁতে ক’লে, ‘তোমালোকে সিহঁতৰ মুকাবিলা কৰি দুৱাৰত প্ৰৱেশ কৰা, প্ৰৱেশ কৰিলেই তোমালোকে বিজয় লাভ কৰিবা আৰু যদি তোমালোকে মুমিন হোৱা, তেনেহ’লে আল্লাহৰ ওপৰতেই ভৰসা কৰা’।

Verse 24

قَالُوا۟ يَـٰمُوسَىٰٓ إِنَّا لَن نَّدْخُلَهَآ أَبَدًا مَّا دَامُوا۟ فِيهَا ۖ فَٱذْهَبْ أَنتَ وَرَبُّكَ فَقَـٰتِلَآ إِنَّا هَـٰهُنَا قَـٰعِدُونَ

Transliteration qālū yāmūsā innā lan nadkhulahā abadan mā dāmū fīhā fa-idh'hab anta warabbuka faqātilā innā hāhunā qāʿidūna

Assamese সিহঁতে ক’লে, ‘হে মুছা! সিহঁত যেতিয়া লৈকে তাত থাকিব আমি কেতিয়াও তাত প্ৰৱেশ নকৰিম, এতেকে তুমি আৰু তোমাৰ প্ৰতিপালকে গৈ যুদ্ধ কৰাগৈ। নিশ্চয় আমি ইয়াতেই বহি থাকিম’।

Verse 25

قَالَ رَبِّ إِنِّى لَآ أَمْلِكُ إِلَّا نَفْسِى وَأَخِى ۖ فَٱفْرُقْ بَيْنَنَا وَبَيْنَ ٱلْقَوْمِ ٱلْفَـٰسِقِينَ

Transliteration qāla rabbi innī lā amliku illā nafsī wa-akhī fa-uf'ruq baynanā wabayna l-qawmi l-fāsiqīna

Assamese তেওঁ ক’লে, ‘হে মোৰ ৰব! মই আৰু মোৰ ভাতৃৰ বাহিৰে আন কাৰো ওপৰত মোৰ অধিকাৰ নাই, এতেকে তুমি আমাৰ আৰু ফাছিক্ব সম্প্ৰদায়ৰ মাজত বিচ্ছেদ কৰি দিয়া’।

Verse 26

قَالَ فَإِنَّهَا مُحَرَّمَةٌ عَلَيْهِمْ ۛ أَرْبَعِينَ سَنَةً ۛ يَتِيهُونَ فِى ٱلْأَرْضِ ۚ فَلَا تَأْسَ عَلَى ٱلْقَوْمِ ٱلْفَـٰسِقِينَ

Transliteration qāla fa-innahā muḥarramatun ʿalayhim arbaʿīna sanatan yatīhūna fī l-arḍi falā tasa ʿalā l-qawmi l-fāsiqīna

Assamese আল্লাহে ক’লে, ‘তেনেহ’লে ইয়াক চল্লিশ বছৰলৈকে সিহঁতৰ ওপৰত নিষেধ কৰা হ’ল, সিহঁতে পৃথিৱীত উদ্ভ্ৰান্ত হৈ ঘুৰি ফুৰিব, গতিকে তুমি ফাছিক্ব সম্প্ৰদায়ৰ বাবে দুখ নকৰিবা’।

Verse 27

۞ وَٱتْلُ عَلَيْهِمْ نَبَأَ ٱبْنَىْ ءَادَمَ بِٱلْحَقِّ إِذْ قَرَّبَا قُرْبَانًا فَتُقُبِّلَ مِنْ أَحَدِهِمَا وَلَمْ يُتَقَبَّلْ مِنَ ٱلْـَٔاخَرِ قَالَ لَأَقْتُلَنَّكَ ۖ قَالَ إِنَّمَا يَتَقَبَّلُ ٱللَّهُ مِنَ ٱلْمُتَّقِينَ

Transliteration wa-ut'lu ʿalayhim naba-a ib'nay ādama bil-ḥaqi idh qarrabā qur'bānan fatuqubbila min aḥadihimā walam yutaqabbal mina l-ākhari qāla la-aqtulannaka qāla innamā yataqabbalu l-lahu mina l-mutaqīna

Assamese আৰু তুমি আদমৰ দুই পুত্ৰৰ কাহিনীটো সিহঁতক যথাযথভাৱে বৰ্ণনা কৰি শুনোৱা। যেতিয়া সিহঁত উভয়ে কুৰবানী কৰিছিল, ফলত এজনৰ পৰা কবুল কৰা হৈছিল আৰু আনজনৰ পৰা কবুল কৰা হোৱা নাছিল। সি ক’লে, ‘নিশ্চয় মই তোমাক হত্যা কৰিম’। আনজনে ক’লে, ‘নিশ্চয় আল্লাহে কেৱল মুত্তাক্বীসকলৰ পৰাই কবুল কৰে’।

Verse 28

لَئِنۢ بَسَطتَ إِلَىَّ يَدَكَ لِتَقْتُلَنِى مَآ أَنَا۠ بِبَاسِطٍ يَدِىَ إِلَيْكَ لِأَقْتُلَكَ ۖ إِنِّىٓ أَخَافُ ٱللَّهَ رَبَّ ٱلْعَـٰلَمِينَ

Transliteration la-in basaṭta ilayya yadaka litaqtulanī mā anā bibāsiṭin yadiya ilayka li-aqtulaka innī akhāfu l-laha rabba l-ʿālamīna

Assamese ‘মোক হত্যা কৰাৰ বাবে তুমি তোমাৰ হাত প্ৰসাৰিত কৰিলেও তোমাক হত্যা কৰাৰ বাবে মই তোমাৰ প্ৰতি মোৰ হাত প্ৰসাৰিত নকৰিম; নিশ্চয় মই সৃষ্টিজগতৰ ৰব আল্লাহক ভয় কৰো’।

Verse 29

إِنِّىٓ أُرِيدُ أَن تَبُوٓأَ بِإِثْمِى وَإِثْمِكَ فَتَكُونَ مِنْ أَصْحَـٰبِ ٱلنَّارِ ۚ وَذَٰلِكَ جَزَٰٓؤُا۟ ٱلظَّـٰلِمِينَ

Transliteration innī urīdu an tabūa bi-ith'mī wa-ith'mika fatakūna min aṣḥābi l-nāri wadhālika jazāu l-ẓālimīna

Assamese ‘নিশ্চয় মই বিচাৰো তুমি মোৰ আৰু তোমাৰ পাপ লৈ উভতি যোৱা, ইয়াৰ ফলত তুমি জুইৰ অধিবাসী হোৱা আৰু এইটোৱেই হৈছে যালিমসকলৰ প্ৰতিদান’।

Verse 30

فَطَوَّعَتْ لَهُۥ نَفْسُهُۥ قَتْلَ أَخِيهِ فَقَتَلَهُۥ فَأَصْبَحَ مِنَ ٱلْخَـٰسِرِينَ

Transliteration faṭawwaʿat lahu nafsuhu qatla akhīhi faqatalahu fa-aṣbaḥa mina l-khāsirīna

Assamese অৱশেষত তাৰ ভায়েকক হত্যা কৰিবলৈ তাৰ নফছে (প্ৰবৃত্তিয়ে) তাক বশ কৰিলে। ফলত সি তাক হত্যা কৰিলে আৰু এইদৰে সি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’ল।

Verse 31

فَبَعَثَ ٱللَّهُ غُرَابًا يَبْحَثُ فِى ٱلْأَرْضِ لِيُرِيَهُۥ كَيْفَ يُوَٰرِى سَوْءَةَ أَخِيهِ ۚ قَالَ يَـٰوَيْلَتَىٰٓ أَعَجَزْتُ أَنْ أَكُونَ مِثْلَ هَـٰذَا ٱلْغُرَابِ فَأُوَٰرِىَ سَوْءَةَ أَخِى ۖ فَأَصْبَحَ مِنَ ٱلنَّـٰدِمِينَ

Transliteration fabaʿatha l-lahu ghurāban yabḥathu fī l-arḍi liyuriyahu kayfa yuwārī sawata akhīhi qāla yāwaylatā aʿajaztu an akūna mith'la hādhā l-ghurābi fa-uwāriya sawata akhī fa-aṣbaḥa mina l-nādimīna

Assamese তাৰ পিছত আল্লাহে এটা কাউৰী পঠালে, যিটোৱে তাৰ ভায়েকৰ মৃতদেহ কেনেকৈ গোপন কৰিব লাগে সেইটো দেখুৱাৰ বাবে মাটি খুচৰিবলৈ ধৰিলে। সি ক’লে, ‘হায়! মই এই কাউৰীটোৰ দৰেও হ’ব নোৱাৰিলোনে যে মোৰ ভাতৃৰ মৃতদেহটো ঢাকিব পাৰো? ফলত সি অনুতপ্ত হ’ল।

Verse 32

مِنْ أَجْلِ ذَٰلِكَ كَتَبْنَا عَلَىٰ بَنِىٓ إِسْرَٰٓءِيلَ أَنَّهُۥ مَن قَتَلَ نَفْسًۢا بِغَيْرِ نَفْسٍ أَوْ فَسَادٍ فِى ٱلْأَرْضِ فَكَأَنَّمَا قَتَلَ ٱلنَّاسَ جَمِيعًا وَمَنْ أَحْيَاهَا فَكَأَنَّمَآ أَحْيَا ٱلنَّاسَ جَمِيعًا ۚ وَلَقَدْ جَآءَتْهُمْ رُسُلُنَا بِٱلْبَيِّنَـٰتِ ثُمَّ إِنَّ كَثِيرًا مِّنْهُم بَعْدَ ذَٰلِكَ فِى ٱلْأَرْضِ لَمُسْرِفُونَ

Transliteration min ajli dhālika katabnā ʿalā banī is'rāīla annahu man qatala nafsan bighayri nafsin aw fasādin fī l-arḍi faka-annamā qatala l-nāsa jamīʿan waman aḥyāhā faka-annamā aḥyā l-nāsa jamīʿan walaqad jāathum rusulunā bil-bayināti thumma inna kathīran min'hum baʿda dhālika fī l-arḍi lamus'rifūna

Assamese এই কাৰণেই বনী ইছৰাঈলৰ বাবে এই বিধান দিছিলো যে, হত্যাৰ পৰিবৰ্তে নাইবা পৃথিৱীত অশান্তি সৃষ্টি ৰোধ কৰাৰ বাহিৰে যদি কোনোবাই কাৰোবাক হত্যা কৰে সি যেনিবা সমগ্ৰ মানৱ জাতিকহে হত্যা কৰিলে আৰু যিয়ে কাৰোবাৰ প্ৰাণ ৰক্ষা কৰিলে সি যেনিবা সমগ্ৰ মানুহৰ প্ৰাণ ৰক্ষা কৰিলে। নিশ্চয় সিহঁতৰ ওচৰত আমাৰ ৰাছুলসকল স্পষ্ট প্ৰমাণাদি লৈ আহিছিল, ইয়াৰ পিছতো সিহঁতৰ অধিকাংশই পৃথিৱীত সীমালংঘন কৰিছিল।

Verse 33

إِنَّمَا جَزَٰٓؤُا۟ ٱلَّذِينَ يُحَارِبُونَ ٱللَّهَ وَرَسُولَهُۥ وَيَسْعَوْنَ فِى ٱلْأَرْضِ فَسَادًا أَن يُقَتَّلُوٓا۟ أَوْ يُصَلَّبُوٓا۟ أَوْ تُقَطَّعَ أَيْدِيهِمْ وَأَرْجُلُهُم مِّنْ خِلَـٰفٍ أَوْ يُنفَوْا۟ مِنَ ٱلْأَرْضِ ۚ ذَٰلِكَ لَهُمْ خِزْىٌ فِى ٱلدُّنْيَا ۖ وَلَهُمْ فِى ٱلْـَٔاخِرَةِ عَذَابٌ عَظِيمٌ

Transliteration innamā jazāu alladhīna yuḥāribūna l-laha warasūlahu wayasʿawna fī l-arḍi fasādan an yuqattalū aw yuṣallabū aw tuqaṭṭaʿa aydīhim wa-arjuluhum min khilāfin aw yunfaw mina l-arḍi dhālika lahum khiz'yun fī l-dun'yā walahum fī l-ākhirati ʿadhābun ʿaẓīmun

Assamese যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধে যুদ্ধ কৰে আৰু পৃথিৱীত ধ্বংসাত্মক কাম কৰি ফুৰে সিহঁতৰ শাস্তি কেৱল এইটোৱেই যে, সিহঁতক হত্যা কৰা হ’ব অথবা ক্ৰুছবিদ্ধ কৰা হ’ব নাইবা বিপৰীত দিশৰ পৰা হাত ভৰি কাটি পেলোৱা হ’ব বা সিহঁতক দেশৰ পৰা নিৰ্বাসিত কৰা হ’ব। পৃথিৱীত এইটোৱেই সিহঁতৰ লাঞ্ছনা আৰু আখিৰাতত সিহঁতৰ বাবে আছে মহা শাস্তি।

Verse 34

إِلَّا ٱلَّذِينَ تَابُوا۟ مِن قَبْلِ أَن تَقْدِرُوا۟ عَلَيْهِمْ ۖ فَٱعْلَمُوٓا۟ أَنَّ ٱللَّهَ غَفُورٌ رَّحِيمٌ

Transliteration illā alladhīna tābū min qabli an taqdirū ʿalayhim fa-iʿ'lamū anna l-laha ghafūrun raḥīmun

Assamese কিন্তু সিহঁতৰ বাহিৰে, যিসকলে তোমালোকৰ আয়ত্তত অহাৰ পূৰ্বেই তাওবা কৰিছে। এতেকে জানি থোৱা যে, নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

Verse 35

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ ٱتَّقُوا۟ ٱللَّهَ وَٱبْتَغُوٓا۟ إِلَيْهِ ٱلْوَسِيلَةَ وَجَـٰهِدُوا۟ فِى سَبِيلِهِۦ لَعَلَّكُمْ تُفْلِحُونَ

Transliteration yāayyuhā alladhīna āmanū ittaqū l-laha wa-ib'taghū ilayhi l-wasīlata wajāhidū fī sabīlihi laʿallakum tuf'liḥūna

Assamese হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু তেওঁৰ নৈকট্য অন্বেষণ কৰা আৰু তেওঁৰ পথত জিহাদ কৰা, যাতে তোমালোকে সফল হ’ব পাৰা।

Verse 36

إِنَّ ٱلَّذِينَ كَفَرُوا۟ لَوْ أَنَّ لَهُم مَّا فِى ٱلْأَرْضِ جَمِيعًا وَمِثْلَهُۥ مَعَهُۥ لِيَفْتَدُوا۟ بِهِۦ مِنْ عَذَابِ يَوْمِ ٱلْقِيَـٰمَةِ مَا تُقُبِّلَ مِنْهُمْ ۖ وَلَهُمْ عَذَابٌ أَلِيمٌ

Transliteration inna alladhīna kafarū law anna lahum mā fī l-arḍi jamīʿan wamith'lahu maʿahu liyaftadū bihi min ʿadhābi yawmi l-qiyāmati mā tuqubbila min'hum walahum ʿadhābun alīmun

Assamese নিশ্চয় যিসকলে কুফুৰী কৰিছে, পৃথিৱীত যি আছে সেই সকলো যদি সিহঁতৰ হয় লগতে ইয়াৰ সমপৰিমাণ আৰু থাকে, যাতে সিহঁতে ইয়াৰ মাধ্যমত ক্বিয়ামতৰ দিনা শাস্তিৰ পৰা ৰক্ষাৰ বাবে মুক্তিপণ দিব পাৰে, তথাপিও সিহঁতৰ পৰা সেয়া গ্ৰহণ কৰা নহ’ব আৰু সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি।

Verse 37

يُرِيدُونَ أَن يَخْرُجُوا۟ مِنَ ٱلنَّارِ وَمَا هُم بِخَـٰرِجِينَ مِنْهَا ۖ وَلَهُمْ عَذَابٌ مُّقِيمٌ

Transliteration yurīdūna an yakhrujū mina l-nāri wamā hum bikhārijīna min'hā walahum ʿadhābun muqīmun

Assamese সিহঁতে জুইৰ পৰা ওলাব খুজিব, কিন্তু সিহঁতে তাৰ পৰা ওলাব নোৱাৰিব আৰু সিহঁতৰ বাবে আছে চিৰস্থায়ী শাস্তি।

Verse 38

وَٱلسَّارِقُ وَٱلسَّارِقَةُ فَٱقْطَعُوٓا۟ أَيْدِيَهُمَا جَزَآءًۢ بِمَا كَسَبَا نَكَـٰلًا مِّنَ ٱللَّهِ ۗ وَٱللَّهُ عَزِيزٌ حَكِيمٌ

Transliteration wal-sāriqu wal-sāriqatu fa-iq'ṭaʿū aydiyahumā jazāan bimā kasabā nakālan mina l-lahi wal-lahu ʿazīzun ḥakīmun

Assamese চোৰ পুৰুষ আৰু চোৰ নাৰীৰ সিহঁত উভয়ৰে হাত কাটি দিয়া, এয়া সিহঁতৰ কৃতকৰ্মৰ ফল আৰু আল্লাহৰ তৰফৰ পৰা শিক্ষণীয় শাস্তিস্বৰূপ; আৰু আল্লাহ মহা পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

Verse 39

فَمَن تَابَ مِنۢ بَعْدِ ظُلْمِهِۦ وَأَصْلَحَ فَإِنَّ ٱللَّهَ يَتُوبُ عَلَيْهِ ۗ إِنَّ ٱللَّهَ غَفُورٌ رَّحِيمٌ

Transliteration faman tāba min baʿdi ẓul'mihi wa-aṣlaḥa fa-inna l-laha yatūbu ʿalayhi inna l-laha ghafūrun raḥīmun

Assamese এতেকে সীমালংঘন কৰাৰ পিছত কোনোবাই তাওবা কৰিলে আৰু নিজকে সংশোধন কৰিলে নিশ্চয় আল্লাহে তাৰ তাওবা কবুল কৰিব; নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

Verse 40

أَلَمْ تَعْلَمْ أَنَّ ٱللَّهَ لَهُۥ مُلْكُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ يُعَذِّبُ مَن يَشَآءُ وَيَغْفِرُ لِمَن يَشَآءُ ۗ وَٱللَّهُ عَلَىٰ كُلِّ شَىْءٍ قَدِيرٌ

Transliteration alam taʿlam anna l-laha lahu mul'ku l-samāwāti wal-arḍi yuʿadhibu man yashāu wayaghfiru liman yashāu wal-lahu ʿalā kulli shayin qadīrun

Assamese তুমি নাজানা নেকি যে, আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্ব কেৱল আল্লাহৰেই? যাক ইচ্ছা তেওঁ শাস্তি দিয়ে আৰু যাক ইচ্ছা তেওঁ ক্ষমা কৰি দিয়ে আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।

Verse 41

۞ يَـٰٓأَيُّهَا ٱلرَّسُولُ لَا يَحْزُنكَ ٱلَّذِينَ يُسَـٰرِعُونَ فِى ٱلْكُفْرِ مِنَ ٱلَّذِينَ قَالُوٓا۟ ءَامَنَّا بِأَفْوَٰهِهِمْ وَلَمْ تُؤْمِن قُلُوبُهُمْ ۛ وَمِنَ ٱلَّذِينَ هَادُوا۟ ۛ سَمَّـٰعُونَ لِلْكَذِبِ سَمَّـٰعُونَ لِقَوْمٍ ءَاخَرِينَ لَمْ يَأْتُوكَ ۖ يُحَرِّفُونَ ٱلْكَلِمَ مِنۢ بَعْدِ مَوَاضِعِهِۦ ۖ يَقُولُونَ إِنْ أُوتِيتُمْ هَـٰذَا فَخُذُوهُ وَإِن لَّمْ تُؤْتَوْهُ فَٱحْذَرُوا۟ ۚ وَمَن يُرِدِ ٱللَّهُ فِتْنَتَهُۥ فَلَن تَمْلِكَ لَهُۥ مِنَ ٱللَّهِ شَيْـًٔا ۚ أُو۟لَـٰٓئِكَ ٱلَّذِينَ لَمْ يُرِدِ ٱللَّهُ أَن يُطَهِّرَ قُلُوبَهُمْ ۚ لَهُمْ فِى ٱلدُّنْيَا خِزْىٌ ۖ وَلَهُمْ فِى ٱلْـَٔاخِرَةِ عَذَابٌ عَظِيمٌ

Transliteration yāayyuhā l-rasūlu lā yaḥzunka alladhīna yusāriʿūna fī l-kuf'ri mina alladhīna qālū āmannā bi-afwāhihim walam tu'min qulūbuhum wamina alladhīna hādū sammāʿūna lil'kadhibi sammāʿūna liqawmin ākharīna lam yatūka yuḥarrifūna l-kalima min baʿdi mawāḍiʿihi yaqūlūna in ūtītum hādhā fakhudhūhu wa-in lam tu'tawhu fa-iḥ'dharū waman yuridi l-lahu fit'natahu falan tamlika lahu mina l-lahi shayan ulāika alladhīna lam yuridi l-lahu an yuṭahhira qulūbahum lahum fī l-dun'yā khiz'yun walahum fī l-ākhirati ʿadhābun ʿaẓīmun

Assamese হে ৰাছুল! তুমি সিহঁতৰ বাবে চিন্তিত নহ’বা যিসকলে কুফুৰীৰ ফালে দ্ৰুত গতিত আগুৱাই যায়—যিসকলে মুখেৰে কয়, ‘ঈমান আনিছো’, অথচ সিহঁতৰ অন্তৰে ঈমান আনা নাই- আৰু যিসকলে ইয়াহুদী, সিহঁত (সকলোৱেই) মিছা কথা শুনিবলৈ অধিক তৎপৰ, অন্যান্য কওমৰ প্ৰতি, যিসকলে তোমাৰ ওচৰত অহা নাই সিহঁতে কাণ পাতি থাকে। শব্দসমূহ যথাযথ সুবিন্যস্ত থকাৰ পিছতো সিহঁতে সেইবোৰৰ অৰ্থ বিকৃত কৰে। সিহঁতে কয়, ‘যদি তোমালোকক এনেকুৱা বিধান দিয়ে তেনেহ’লে গ্ৰহণ কৰিবা আৰু যদি এনেকুৱা বিধান নিদিয়ে তেনেহ’লে বৰ্জন কৰিবা’। আল্লাহে যাক ফিতনাত পেলাব বিচাৰে তাৰ বাবে আল্লাহৰ ওচৰত তোমাৰ কৰিবলৈ একো নাই। ইহঁতেই হৈছে সেইসকল লোক যিসকলৰ হৃদয়ক আল্লাহে বিশুদ্ধ কৰিব নিবিচাৰে; সিহঁতৰ বাবে আছে পৃথিৱীত লাঞ্ছনা আৰু আখিৰাতত আছে মহাশাস্তি।

Verse 42

سَمَّـٰعُونَ لِلْكَذِبِ أَكَّـٰلُونَ لِلسُّحْتِ ۚ فَإِن جَآءُوكَ فَٱحْكُم بَيْنَهُمْ أَوْ أَعْرِضْ عَنْهُمْ ۖ وَإِن تُعْرِضْ عَنْهُمْ فَلَن يَضُرُّوكَ شَيْـًٔا ۖ وَإِنْ حَكَمْتَ فَٱحْكُم بَيْنَهُم بِٱلْقِسْطِ ۚ إِنَّ ٱللَّهَ يُحِبُّ ٱلْمُقْسِطِينَ

Transliteration sammāʿūna lil'kadhibi akkālūna lilssuḥ'ti fa-in jāūka fa-uḥ'kum baynahum aw aʿriḍ ʿanhum wa-in tuʿ'riḍ ʿanhum falan yaḍurrūka shayan wa-in ḥakamta fa-uḥ'kum baynahum bil-qis'ṭi inna l-laha yuḥibbu l-muq'siṭīna

Assamese সিহঁত মিছা শুনিবলৈ বৰ আগ্ৰহশীল আৰু অবৈধ সম্পদ খাবলৈ অত্যন্ত আসক্ত; এতেকে সিহঁতে যদি তোমাৰ ওচৰত আহে তেন্তে সিহঁতৰ বিচাৰ মীমাংসা কৰিবা অথবা সিহঁতক উপেক্ষা কৰিবা। তুমি যদি সিহঁতক উপেক্ষা কৰা তেন্তে সিহঁতে তোমাৰ একো ক্ষতি কৰিব নোৱাৰিব আৰু তুমি যদি সিহঁতৰ বিচাৰ নিষ্পত্তি কৰা তেন্তে সিহঁতৰ মাজত ন্যায় বিচাৰ কৰিবা; নিশ্চয় আল্লাহে ন্যায়পৰায়ণকাৰী সকলক ভালপায়।

Verse 43

وَكَيْفَ يُحَكِّمُونَكَ وَعِندَهُمُ ٱلتَّوْرَىٰةُ فِيهَا حُكْمُ ٱللَّهِ ثُمَّ يَتَوَلَّوْنَ مِنۢ بَعْدِ ذَٰلِكَ ۚ وَمَآ أُو۟لَـٰٓئِكَ بِٱلْمُؤْمِنِينَ

Transliteration wakayfa yuḥakkimūnaka waʿindahumu l-tawrātu fīhā ḥuk'mu l-lahi thumma yatawallawna min baʿdi dhālika wamā ulāika bil-mu'minīna

Assamese আৰু সিহঁতে কেনেকৈ তোমাক ফয়চালাকাৰী বনায়? অথচ সিহঁতৰ ওচৰত আছে তাওৰাত, য’ত আছে আল্লাহৰ বিধান, তথাপিও সিহঁতে ইয়াৰ পিছত মুখ ঘূৰাই লয় আৰু সিহঁত মুমিনো নহয়।

Verse 44

إِنَّآ أَنزَلْنَا ٱلتَّوْرَىٰةَ فِيهَا هُدًى وَنُورٌ ۚ يَحْكُمُ بِهَا ٱلنَّبِيُّونَ ٱلَّذِينَ أَسْلَمُوا۟ لِلَّذِينَ هَادُوا۟ وَٱلرَّبَّـٰنِيُّونَ وَٱلْأَحْبَارُ بِمَا ٱسْتُحْفِظُوا۟ مِن كِتَـٰبِ ٱللَّهِ وَكَانُوا۟ عَلَيْهِ شُهَدَآءَ ۚ فَلَا تَخْشَوُا۟ ٱلنَّاسَ وَٱخْشَوْنِ وَلَا تَشْتَرُوا۟ بِـَٔايَـٰتِى ثَمَنًا قَلِيلًا ۚ وَمَن لَّمْ يَحْكُم بِمَآ أَنزَلَ ٱللَّهُ فَأُو۟لَـٰٓئِكَ هُمُ ٱلْكَـٰفِرُونَ

Transliteration innā anzalnā l-tawrāta fīhā hudan wanūrun yaḥkumu bihā l-nabiyūna alladhīna aslamū lilladhīna hādū wal-rabāniyūna wal-aḥbāru bimā us'tuḥ'fiẓū min kitābi l-lahi wakānū ʿalayhi shuhadāa falā takhshawū l-nāsa wa-ikh'shawni walā tashtarū biāyātī thamanan qalīlan waman lam yaḥkum bimā anzala l-lahu fa-ulāika humu l-kāfirūna

Assamese নিশ্চয় আমিয়েই তাওৰাত অৱতীৰ্ণ কৰিছিলো, তাত আছিল হিদায়ত আৰু জ্যোতি, ইয়াৰ মাধ্যমত ইয়াহুদিসকলৰ বাবে ফয়চালা প্ৰদান কৰিছিল অনুগত নবীসকলে আৰু ৰাব্বানীসকলে লগতে বিদ্বানসকলেও। কাৰণ তেওঁলোকক আল্লাহৰ কিতাপৰ ৰক্ষক হিচাপে দায়িত্ব দিয়া হৈছিল আৰু তেওঁলোক আছিল ইয়াৰ ওপৰত সাক্ষী। সেয়ে তোমালোকে মানুহক ভয় নকৰিবা কেৱল মোকেই ভয় কৰা আৰু মোৰ আয়াতসমূহৰ বিনিময়ত তুচ্ছ মূল্য কিনি নলবা। আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে বিধান নিদিয়ে সিহঁতেই কাফিৰ।

Verse 45

وَكَتَبْنَا عَلَيْهِمْ فِيهَآ أَنَّ ٱلنَّفْسَ بِٱلنَّفْسِ وَٱلْعَيْنَ بِٱلْعَيْنِ وَٱلْأَنفَ بِٱلْأَنفِ وَٱلْأُذُنَ بِٱلْأُذُنِ وَٱلسِّنَّ بِٱلسِّنِّ وَٱلْجُرُوحَ قِصَاصٌ ۚ فَمَن تَصَدَّقَ بِهِۦ فَهُوَ كَفَّارَةٌ لَّهُۥ ۚ وَمَن لَّمْ يَحْكُم بِمَآ أَنزَلَ ٱللَّهُ فَأُو۟لَـٰٓئِكَ هُمُ ٱلظَّـٰلِمُونَ

Transliteration wakatabnā ʿalayhim fīhā anna l-nafsa bil-nafsi wal-ʿayna bil-ʿayni wal-anfa bil-anfi wal-udhuna bil-udhuni wal-sina bil-sini wal-jurūḥa qiṣāṣun faman taṣaddaqa bihi fahuwa kaffāratun lahu waman lam yaḥkum bimā anzala l-lahu fa-ulāika humu l-ẓālimūna

Assamese আৰু আমি সিহঁতৰ ওপৰত তাত অত্যাৱশ্যক কৰি দিছিলো যে, প্ৰাণৰ পৰিবৰ্তে প্ৰাণ, চকুৰ পৰিবৰ্তে চকু, নাকৰ পৰিবৰ্তে নাক, কাণৰ পৰিবৰ্তে কাণ, দাঁতৰ পৰিবৰ্তে দাঁত আৰু আঘাতৰ পৰিবৰ্তে অনুৰূপ আঘাত। তাৰ পিছত কোনোবাই সেয়া ক্ষমা কৰিলে তাৰ বাবে সেয়া কাফফাৰা হ’ব। আৰু আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে বিধান নিদিয়ে সিহঁতেই যালিম।

Verse 46

وَقَفَّيْنَا عَلَىٰٓ ءَاثَـٰرِهِم بِعِيسَى ٱبْنِ مَرْيَمَ مُصَدِّقًا لِّمَا بَيْنَ يَدَيْهِ مِنَ ٱلتَّوْرَىٰةِ ۖ وَءَاتَيْنَـٰهُ ٱلْإِنجِيلَ فِيهِ هُدًى وَنُورٌ وَمُصَدِّقًا لِّمَا بَيْنَ يَدَيْهِ مِنَ ٱلتَّوْرَىٰةِ وَهُدًى وَمَوْعِظَةً لِّلْمُتَّقِينَ

Transliteration waqaffaynā ʿalā āthārihim biʿīsā ib'ni maryama muṣaddiqan limā bayna yadayhi mina l-tawrāti waātaynāhu l-injīla fīhi hudan wanūrun wamuṣaddiqan limā bayna yadayhi mina l-tawrāti wahudan wamawʿiẓatan lil'muttaqīna

Assamese আৰু আমি সিহঁতৰ পিছতেই মাৰইয়ামৰ পুত্ৰ ঈছাক প্ৰেৰণ কৰিছিলো, তাৰ সন্মুখত তাওৰাতৰ পৰা যি অৱশিষ্ট আছিল তাৰ সত্যতা প্ৰতিপন্নকাৰীৰূপে। আমি তাক ইঞ্জীল প্ৰদান কৰিছিলো, তাত আছে হিদায়ত আৰু জ্যোতি, আৰু সেয়া আছিল তাৰ সন্মুখত অৱশিষ্ট তাওৰাতৰ সত্যতা প্ৰতিপন্নকাৰী আৰু মুত্তাক্বীসকলৰ বাবে হিদায়ত আৰু উপদেশস্বৰূপ।

Verse 47

وَلْيَحْكُمْ أَهْلُ ٱلْإِنجِيلِ بِمَآ أَنزَلَ ٱللَّهُ فِيهِ ۚ وَمَن لَّمْ يَحْكُم بِمَآ أَنزَلَ ٱللَّهُ فَأُو۟لَـٰٓئِكَ هُمُ ٱلْفَـٰسِقُونَ

Transliteration walyaḥkum ahlu l-injīli bimā anzala l-lahu fīhi waman lam yaḥkum bimā anzala l-lahu fa-ulāika humu l-fāsiqūna

Assamese ইঞ্জীলৰ অনুসাৰীসকলে আল্লাহে অৱতীৰ্ণ কৰা বিধান অনুযায়ী ফয়চালা কৰা উচিত। আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে বিধান নিদিয়ে সিহঁতেই ফাছিক্ব।

Verse 48

وَأَنزَلْنَآ إِلَيْكَ ٱلْكِتَـٰبَ بِٱلْحَقِّ مُصَدِّقًا لِّمَا بَيْنَ يَدَيْهِ مِنَ ٱلْكِتَـٰبِ وَمُهَيْمِنًا عَلَيْهِ ۖ فَٱحْكُم بَيْنَهُم بِمَآ أَنزَلَ ٱللَّهُ ۖ وَلَا تَتَّبِعْ أَهْوَآءَهُمْ عَمَّا جَآءَكَ مِنَ ٱلْحَقِّ ۚ لِكُلٍّ جَعَلْنَا مِنكُمْ شِرْعَةً وَمِنْهَاجًا ۚ وَلَوْ شَآءَ ٱللَّهُ لَجَعَلَكُمْ أُمَّةً وَٰحِدَةً وَلَـٰكِن لِّيَبْلُوَكُمْ فِى مَآ ءَاتَىٰكُمْ ۖ فَٱسْتَبِقُوا۟ ٱلْخَيْرَٰتِ ۚ إِلَى ٱللَّهِ مَرْجِعُكُمْ جَمِيعًا فَيُنَبِّئُكُم بِمَا كُنتُمْ فِيهِ تَخْتَلِفُونَ

Transliteration wa-anzalnā ilayka l-kitāba bil-ḥaqi muṣaddiqan limā bayna yadayhi mina l-kitābi wamuhayminan ʿalayhi fa-uḥ'kum baynahum bimā anzala l-lahu walā tattabiʿ ahwāahum ʿammā jāaka mina l-ḥaqi likullin jaʿalnā minkum shir'ʿatan wamin'hājan walaw shāa l-lahu lajaʿalakum ummatan wāḥidatan walākin liyabluwakum fī mā ātākum fa-is'tabiqū l-khayrāti ilā l-lahi marjiʿukum jamīʿan fayunabbi-ukum bimā kuntum fīhi takhtalifūna

Assamese আৰু আমি তোমাৰ প্ৰতি সত্যসহ কিতাপ অৱতীৰ্ণ কৰিছো, ইয়াৰ পূৰ্বে অৱতীৰ্ণ হোৱা কিতাপসমূহৰ সত্যতা প্ৰতিপন্নকাৰী আৰু সেইবোৰৰ তদাৰককাৰীৰূপে। এতেকে আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী তুমি সিহঁতৰ বিচাৰ নিষ্পত্তি কৰা আৰু যি সত্য তোমাৰ ওচৰলৈ আহিছে সেইটো এৰি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা। তোমালোকৰ প্ৰত্যেকৰে বাবে আমি একোটাকৈ চৰীয়ত আৰু স্পষ্ট পথ নিৰ্ধাৰণ কৰি দিছো। আৰু আল্লাহে ইচ্ছা কৰিলে তোমালোকক এটা উম্মত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ তোমালোকক যি প্ৰদান কৰিছে তাৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰিব বিচাৰে। সেয়ে তোমালোকে সৎকামত প্ৰতিযোগীতা কৰা। আল্লাহৰ পিনেই তোমালোক সকলোৰেই প্ৰত্যাৱৰ্তনস্থল। এতেকে তোমালোকে যি বিষয়ত মতভেদ কৰিছিলা, সেই বিষয়ে তেওঁ তোমালোকক অৱগত কৰাব।

Verse 49

وَأَنِ ٱحْكُم بَيْنَهُم بِمَآ أَنزَلَ ٱللَّهُ وَلَا تَتَّبِعْ أَهْوَآءَهُمْ وَٱحْذَرْهُمْ أَن يَفْتِنُوكَ عَنۢ بَعْضِ مَآ أَنزَلَ ٱللَّهُ إِلَيْكَ ۖ فَإِن تَوَلَّوْا۟ فَٱعْلَمْ أَنَّمَا يُرِيدُ ٱللَّهُ أَن يُصِيبَهُم بِبَعْضِ ذُنُوبِهِمْ ۗ وَإِنَّ كَثِيرًا مِّنَ ٱلنَّاسِ لَفَـٰسِقُونَ

Transliteration wa-ani uḥ'kum baynahum bimā anzala l-lahu walā tattabiʿ ahwāahum wa-iḥ'dharhum an yaftinūka ʿan baʿḍi mā anzala l-lahu ilayka fa-in tawallaw fa-iʿ'lam annamā yurīdu l-lahu an yuṣībahum bibaʿḍi dhunūbihim wa-inna kathīran mina l-nāsi lafāsiqūna

Assamese আৰু তুমি সিহঁতৰ মাজত আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী বিচাৰ নিষ্পত্তি কৰা আৰু সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা আৰু সিহঁতৰ বিষয়ে সতৰ্ক হোৱা, যাতে আল্লাহে তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছে সিহঁতে ইয়াৰ কোনো বিষয়ৰ পৰা তোমাক বিচ্যুত কৰিব নোৱাৰে। যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে জানি থোৱা যে, আল্লাহে সিহঁতক কেৱল সিহঁতৰ কিছুমান গুণাহৰ বাবে শাস্তি দিব বিচাৰে আৰু মানুহৰ মাজত বহুতেই ফাছিক্ব।

Verse 50

أَفَحُكْمَ ٱلْجَـٰهِلِيَّةِ يَبْغُونَ ۚ وَمَنْ أَحْسَنُ مِنَ ٱللَّهِ حُكْمًا لِّقَوْمٍ يُوقِنُونَ

Transliteration afaḥuk'ma l-jāhiliyati yabghūna waman aḥsanu mina l-lahi ḥuk'man liqawmin yūqinūna

Assamese সিহঁতে জাহিলিয়্যাতৰ বিধি-বিধান কামনা কৰে নেকি? দৃঢ় বিশ্বাসী সম্প্ৰদায়ৰ বাবে বিধান প্ৰদানত আল্লাহতকৈ শ্ৰেষ্ঠ আৰু কোন হ’ব পাৰে?

Verse 51

۞ يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا تَتَّخِذُوا۟ ٱلْيَهُودَ وَٱلنَّصَـٰرَىٰٓ أَوْلِيَآءَ ۘ بَعْضُهُمْ أَوْلِيَآءُ بَعْضٍ ۚ وَمَن يَتَوَلَّهُم مِّنكُمْ فَإِنَّهُۥ مِنْهُمْ ۗ إِنَّ ٱللَّهَ لَا يَهْدِى ٱلْقَوْمَ ٱلظَّـٰلِمِينَ

Transliteration yāayyuhā alladhīna āmanū lā tattakhidhū l-yahūda wal-naṣārā awliyāa baʿḍuhum awliyāu baʿḍin waman yatawallahum minkum fa-innahu min'hum inna l-laha lā yahdī l-qawma l-ẓālimīna

Assamese হে মুমিনসকল! তোমালোকে ইয়াহুদী আৰু নাছাৰাসকলক বন্ধুৰূপে গ্ৰহণ নকৰিবা, সিহঁতে পৰস্পৰে পৰস্পৰৰ বন্ধু। আৰু তোমালোকৰ কোনোবাই সিহঁতক বন্ধুৰূপে গ্ৰহণ কৰিলে সি নিশ্চয় সিহঁতৰেই এজন। নিশ্চয় আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নিদিয়ে।

Verse 52

فَتَرَى ٱلَّذِينَ فِى قُلُوبِهِم مَّرَضٌ يُسَـٰرِعُونَ فِيهِمْ يَقُولُونَ نَخْشَىٰٓ أَن تُصِيبَنَا دَآئِرَةٌ ۚ فَعَسَى ٱللَّهُ أَن يَأْتِىَ بِٱلْفَتْحِ أَوْ أَمْرٍ مِّنْ عِندِهِۦ فَيُصْبِحُوا۟ عَلَىٰ مَآ أَسَرُّوا۟ فِىٓ أَنفُسِهِمْ نَـٰدِمِينَ

Transliteration fatarā alladhīna fī qulūbihim maraḍun yusāriʿūna fīhim yaqūlūna nakhshā an tuṣībanā dāiratun faʿasā l-lahu an yatiya bil-fatḥi aw amrin min ʿindihi fayuṣ'biḥū ʿalā mā asarrū fī anfusihim nādimīna

Assamese এতেকে যিহঁতৰ অন্তৰত ব্যাধি আছে সিহঁতক তুমি অতিসোনকালে সিহঁতৰ লগত মিলিত হওঁতে দেখিবলৈ পাবা। সিহঁতে কয়, ‘আমি আশংকা কৰিছো যে, কোনো এটা বিপদে আমাক আক্ৰান্ত কৰিব’। তাৰ পিছত এনেকুৱাও হ’ব পাৰে যে, আল্লাহে (তোমালোকক) বিজয় দান কৰিব অথবা তেওঁৰ পৰা এনেকুৱা কিবা প্ৰদান কৰিব যাতে সিহঁতে সিহঁতৰ অন্তৰত যি গোপন ৰাখিছিল সেই বাবে লজ্জিত হয়।

Verse 53

وَيَقُولُ ٱلَّذِينَ ءَامَنُوٓا۟ أَهَـٰٓؤُلَآءِ ٱلَّذِينَ أَقْسَمُوا۟ بِٱللَّهِ جَهْدَ أَيْمَـٰنِهِمْ ۙ إِنَّهُمْ لَمَعَكُمْ ۚ حَبِطَتْ أَعْمَـٰلُهُمْ فَأَصْبَحُوا۟ خَـٰسِرِينَ

Transliteration wayaqūlu alladhīna āmanū ahāulāi alladhīna aqsamū bil-lahi jahda aymānihim innahum lamaʿakum ḥabiṭat aʿmāluhum fa-aṣbaḥū khāsirīna

Assamese আৰু মুমিনসকলে ক’ব, ‘ইহঁতেই আল্লাহৰ নামত দৃঢ়ভাৱে শপত কৰিছিল নেকি যে, নিশ্চয় সিহঁতে তোমালোকৰ লগত আছে’? সিহঁতৰ আমলসমূহ নিষ্ফল হৈছে, ফলত সিহঁত ক্ষতিগ্ৰস্ত হৈছে।

Verse 54

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ مَن يَرْتَدَّ مِنكُمْ عَن دِينِهِۦ فَسَوْفَ يَأْتِى ٱللَّهُ بِقَوْمٍ يُحِبُّهُمْ وَيُحِبُّونَهُۥٓ أَذِلَّةٍ عَلَى ٱلْمُؤْمِنِينَ أَعِزَّةٍ عَلَى ٱلْكَـٰفِرِينَ يُجَـٰهِدُونَ فِى سَبِيلِ ٱللَّهِ وَلَا يَخَافُونَ لَوْمَةَ لَآئِمٍ ۚ ذَٰلِكَ فَضْلُ ٱللَّهِ يُؤْتِيهِ مَن يَشَآءُ ۚ وَٱللَّهُ وَٰسِعٌ عَلِيمٌ

Transliteration yāayyuhā alladhīna āmanū man yartadda minkum ʿan dīnihi fasawfa yatī l-lahu biqawmin yuḥibbuhum wayuḥibbūnahu adhillatin ʿalā l-mu'minīna aʿizzatin ʿalā l-kāfirīna yujāhidūna fī sabīli l-lahi walā yakhāfūna lawmata lāimin dhālika faḍlu l-lahi yu'tīhi man yashāu wal-lahu wāsiʿun ʿalīmun

Assamese হে মুমিনসকল! তোমালোকৰ মাজৰ কোনোবাই দ্বীনৰ পৰা উভতি গ’লে নিশ্চয় আল্লাহে এনেকুৱা এটা সম্প্ৰদায় আনিব যিসকলক তেওঁ ভালপায় আৰু সিহঁতেও তেওঁক ভালপায়; সিহঁত মুমিনসকলৰ প্ৰতি কোমল আৰু কাফিৰসকলৰ প্ৰতি অতি কঠোৰ হ’ব; সিহঁতে আল্লাহৰ পথত জিহাদ কৰিব আৰু কোনো ভৰ্ত্সনাকাৰীৰ ভৰ্ত্সনালৈ ভ্ৰুক্ষেপ নকৰিব। এইটো আল্লাহৰ অনুগ্ৰহ, যাক ইচ্ছা তাকেই তেওঁ এইটো দান কৰে আৰু আল্লাহ প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।

Verse 55

إِنَّمَا وَلِيُّكُمُ ٱللَّهُ وَرَسُولُهُۥ وَٱلَّذِينَ ءَامَنُوا۟ ٱلَّذِينَ يُقِيمُونَ ٱلصَّلَوٰةَ وَيُؤْتُونَ ٱلزَّكَوٰةَ وَهُمْ رَٰكِعُونَ

Transliteration innamā waliyyukumu l-lahu warasūluhu wa-alladhīna āmanū alladhīna yuqīmūna l-ṣalata wayu'tūna l-zakata wahum rākiʿūna

Assamese তোমালোকৰ বন্ধু কেৱল আল্লাহ আৰু তেওঁৰ ৰাছুল আৰু মুমিনসকল- যিসকলে বিনীত হৈ ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে।

Verse 56

وَمَن يَتَوَلَّ ٱللَّهَ وَرَسُولَهُۥ وَٱلَّذِينَ ءَامَنُوا۟ فَإِنَّ حِزْبَ ٱللَّهِ هُمُ ٱلْغَـٰلِبُونَ

Transliteration waman yatawalla l-laha warasūlahu wa-alladhīna āmanū fa-inna ḥiz'ba l-lahi humu l-ghālibūna

Assamese আৰু যিয়ে আল্লাহক আৰু তেওঁৰ ৰাছুলক লগতে মুমিনসকলক বন্ধুৰূপে গ্ৰহণ কৰে তেন্তে নিশ্চয় আল্লাহৰ দলেই বিজয়ী।

Verse 57

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا تَتَّخِذُوا۟ ٱلَّذِينَ ٱتَّخَذُوا۟ دِينَكُمْ هُزُوًا وَلَعِبًا مِّنَ ٱلَّذِينَ أُوتُوا۟ ٱلْكِتَـٰبَ مِن قَبْلِكُمْ وَٱلْكُفَّارَ أَوْلِيَآءَ ۚ وَٱتَّقُوا۟ ٱللَّهَ إِن كُنتُم مُّؤْمِنِينَ

Transliteration yāayyuhā alladhīna āmanū lā tattakhidhū alladhīna ittakhadhū dīnakum huzuwan walaʿiban mina alladhīna ūtū l-kitāba min qablikum wal-kufāra awliyāa wa-ittaqū l-laha in kuntum mu'minīna

Assamese হে মুমিনসকল! তোমালোকৰ পূৰ্বে যিসকলক কিতাপ দিয়া হৈছে সিহঁতৰ মাজত যিসকলে তোমালোকৰ দ্বীনক উপহাস আৰু খেল-ধেমালিৰ বস্তুৰূপে গ্ৰহণ কৰে সিহঁতক আৰু কাফিৰসকলক তোমালোকে বন্ধুৰূপে গ্ৰহণ নকৰিবা আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যদি তোমালোকে প্ৰকৃত মুমিন।

Verse 58

وَإِذَا نَادَيْتُمْ إِلَى ٱلصَّلَوٰةِ ٱتَّخَذُوهَا هُزُوًا وَلَعِبًا ۚ ذَٰلِكَ بِأَنَّهُمْ قَوْمٌ لَّا يَعْقِلُونَ

Transliteration wa-idhā nādaytum ilā l-ṣalati ittakhadhūhā huzuwan walaʿiban dhālika bi-annahum qawmun lā yaʿqilūna

Assamese আৰু যেতিয়া তোমালোকে ছালাতৰ প্ৰতি আহ্বান কৰা তেতিয়া সিহঁতে ইয়াক উপহাস আৰু খেল-ধেমালিৰ বস্তুৰূপে গ্ৰহণ কৰে- এইটো এই বাবে যে, সিহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলে একোৱে নবুজে।

Verse 59

قُلْ يَـٰٓأَهْلَ ٱلْكِتَـٰبِ هَلْ تَنقِمُونَ مِنَّآ إِلَّآ أَنْ ءَامَنَّا بِٱللَّهِ وَمَآ أُنزِلَ إِلَيْنَا وَمَآ أُنزِلَ مِن قَبْلُ وَأَنَّ أَكْثَرَكُمْ فَـٰسِقُونَ

Transliteration qul yāahla l-kitābi hal tanqimūna minnā illā an āmannā bil-lahi wamā unzila ilaynā wamā unzila min qablu wa-anna aktharakum fāsiqūna

Assamese কোৱা, ‘হে কিতাবীসকল! একমাত্ৰ এই কাৰণেই তোমালোকে আমাৰ লগত শত্ৰুতা পোষণ কৰা নেকি যে, আমি আল্লাহৰ প্ৰতি আৰু আমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে আৰু যি আমাৰ পূৰ্বে অৱতীৰ্ণ হৈছে তাত ঈমান আনিছো আৰু নিশ্চয় তোমালোকৰ অধিকাংশই ফাছিক্ব’।

Verse 60

قُلْ هَلْ أُنَبِّئُكُم بِشَرٍّ مِّن ذَٰلِكَ مَثُوبَةً عِندَ ٱللَّهِ ۚ مَن لَّعَنَهُ ٱللَّهُ وَغَضِبَ عَلَيْهِ وَجَعَلَ مِنْهُمُ ٱلْقِرَدَةَ وَٱلْخَنَازِيرَ وَعَبَدَ ٱلطَّـٰغُوتَ ۚ أُو۟لَـٰٓئِكَ شَرٌّ مَّكَانًا وَأَضَلُّ عَن سَوَآءِ ٱلسَّبِيلِ

Transliteration qul hal unabbi-ukum bisharrin min dhālika mathūbatan ʿinda l-lahi man laʿanahu l-lahu waghaḍiba ʿalayhi wajaʿala min'humu l-qiradata wal-khanāzīra waʿabada l-ṭāghūta ulāika sharrun makānan wa-aḍallu ʿan sawāi l-sabīli

Assamese কোৱা, ‘মই তোমালোকক ইয়াতকৈয়ো নিকৃষ্ট পৰিণামৰ সংবাদ দিম নে যিটো আল্লাহৰ ওচৰত আছে? যাৰ ওপৰত আল্লাহে অভিসম্পাত কৰিছে আৰু যাৰ ওপৰত তেওঁ ক্ৰোধান্বিত হৈছে। যিসকলৰ মাজৰ পৰা কিছুমানক বান্দৰ আৰু কিছুমানক গাহৰি বনাইছিল আৰু (সিহঁতৰ কিছুমানে) তাগুতৰ উপাসনা কৰিছিল। সিহঁতেই অৱস্থানৰ দিশৰ পৰা নিকৃষ্ট আৰু সৰল পথৰ পৰা আটাইতকৈ বেছি বিচ্যুত’।

Verse 61

وَإِذَا جَآءُوكُمْ قَالُوٓا۟ ءَامَنَّا وَقَد دَّخَلُوا۟ بِٱلْكُفْرِ وَهُمْ قَدْ خَرَجُوا۟ بِهِۦ ۚ وَٱللَّهُ أَعْلَمُ بِمَا كَانُوا۟ يَكْتُمُونَ

Transliteration wa-idhā jāūkum qālū āmannā waqad dakhalū bil-kuf'ri wahum qad kharajū bihi wal-lahu aʿlamu bimā kānū yaktumūna

Assamese আৰু সিহঁতে যেতিয়া তোমালোকৰ ওচৰত আহে তেতিয়া কয়, আমি ঈমান আনিছো, অথচ সিহঁত কুফুৰী লৈ প্ৰৱেশ কৰিছে আৰু এইটো লৈয়ে ওলাই গৈছে। আৰু সিহঁতে যি গোপন কৰে, আল্লাহে সেই সম্পৰ্কে ভালদৰেই জানে।

Verse 62

وَتَرَىٰ كَثِيرًا مِّنْهُمْ يُسَـٰرِعُونَ فِى ٱلْإِثْمِ وَٱلْعُدْوَٰنِ وَأَكْلِهِمُ ٱلسُّحْتَ ۚ لَبِئْسَ مَا كَانُوا۟ يَعْمَلُونَ

Transliteration watarā kathīran min'hum yusāriʿūna fī l-ith'mi wal-ʿud'wāni wa-aklihimu l-suḥ'ta labi'sa mā kānū yaʿmalūna

Assamese সিহঁতৰ মাজৰ বহুতকে তুমি দেখিবলৈ পাবা পাপকৰ্মত, সীমালংঘনত আৰু অবৈধ ভক্ষণত তৎপৰ; সিহঁতে যি কৰে সেয়া কিমান যে নিকৃষ্ট!

Verse 63

لَوْلَا يَنْهَىٰهُمُ ٱلرَّبَّـٰنِيُّونَ وَٱلْأَحْبَارُ عَن قَوْلِهِمُ ٱلْإِثْمَ وَأَكْلِهِمُ ٱلسُّحْتَ ۚ لَبِئْسَ مَا كَانُوا۟ يَصْنَعُونَ

Transliteration lawlā yanhāhumu l-rabāniyūna wal-aḥbāru ʿan qawlihimu l-ith'ma wa-aklihimu l-suḥ'ta labi'sa mā kānū yaṣnaʿūna

Assamese ৰাব্বানীসকল আৰু পণ্ডিতসকলে সিহঁতক বেয়া কথা কোৱাৰ পৰা আৰু অবৈধ ভক্ষণৰ পৰা কিয় নিষেধ নকৰে? ইহঁতে যি কৰি আছে নিশ্চয় এয়া কিমান যে নিকৃষ্ট!

Verse 64

وَقَالَتِ ٱلْيَهُودُ يَدُ ٱللَّهِ مَغْلُولَةٌ ۚ غُلَّتْ أَيْدِيهِمْ وَلُعِنُوا۟ بِمَا قَالُوا۟ ۘ بَلْ يَدَاهُ مَبْسُوطَتَانِ يُنفِقُ كَيْفَ يَشَآءُ ۚ وَلَيَزِيدَنَّ كَثِيرًا مِّنْهُم مَّآ أُنزِلَ إِلَيْكَ مِن رَّبِّكَ طُغْيَـٰنًا وَكُفْرًا ۚ وَأَلْقَيْنَا بَيْنَهُمُ ٱلْعَدَٰوَةَ وَٱلْبَغْضَآءَ إِلَىٰ يَوْمِ ٱلْقِيَـٰمَةِ ۚ كُلَّمَآ أَوْقَدُوا۟ نَارًا لِّلْحَرْبِ أَطْفَأَهَا ٱللَّهُ ۚ وَيَسْعَوْنَ فِى ٱلْأَرْضِ فَسَادًا ۚ وَٱللَّهُ لَا يُحِبُّ ٱلْمُفْسِدِينَ

Transliteration waqālati l-yahūdu yadu l-lahi maghlūlatun ghullat aydīhim waluʿinū bimā qālū bal yadāhu mabsūṭatāni yunfiqu kayfa yashāu walayazīdanna kathīran min'hum mā unzila ilayka min rabbika ṭugh'yānan wakuf'ran wa-alqaynā baynahumu l-ʿadāwata wal-baghḍāa ilā yawmi l-qiyāmati kullamā awqadū nāran lil'ḥarbi aṭfa-ahā l-lahu wayasʿawna fī l-arḍi fasādan wal-lahu lā yuḥibbu l-muf'sidīna

Assamese আৰু ইয়াহুদীসকলে কয়, ‘আল্লাহৰ হাত ৰুদ্ধ’। দৰাচলতে সিহঁতৰ হাতেই ৰুদ্ধ কৰা হৈছে আৰু সিহঁতে যি কয় সেই বাবে সিহঁত অভিশপ্ত, বৰং আল্লাহৰ উভয় হাতেই প্ৰসাৰিত; যেনেকৈ ইচ্ছা তেওঁ দান কৰে। তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া নিশ্চয় সিহঁতৰ বহুতৰে অবাধ্যতা আৰু কুফুৰী বৃদ্ধি কৰিব। আমি সিহঁতৰ মাজত ক্বিয়ামত পৰ্যন্ত স্থায়ী শত্ৰুতা আৰু বিদ্বেষ ঢালি দিছো। যেতিয়াই সিহঁতে যুদ্ধৰ জুই লগায় তেতিয়াই আল্লাহে সেয়া নুমাই দিয়ে আৰু সিহঁতে পৃথিৱীত বিপৰ্যয় কৰি ফুৰে; আৰু আল্লাহে বিপৰ্যয়কাৰীসকলক ভাল নাপায়।

Verse 65

وَلَوْ أَنَّ أَهْلَ ٱلْكِتَـٰبِ ءَامَنُوا۟ وَٱتَّقَوْا۟ لَكَفَّرْنَا عَنْهُمْ سَيِّـَٔاتِهِمْ وَلَأَدْخَلْنَـٰهُمْ جَنَّـٰتِ ٱلنَّعِيمِ

Transliteration walaw anna ahla l-kitābi āmanū wa-ittaqaw lakaffarnā ʿanhum sayyiātihim wala-adkhalnāhum jannāti l-naʿīmi

Assamese আৰু যদি কিতাবীসকলে ঈমান আনিলেহেঁতেন আৰু তাক্বৱা অৱলম্বন কৰিলেহেঁতেন তেনেহ’লে আমি সিহঁতৰ পাপসমূহ অৱশ্যে মুচি দিলোহেঁতেন আৰু সিহঁতক সূখময় জান্নাতত প্ৰৱেশ কৰালোহেঁতেন।

Verse 66

وَلَوْ أَنَّهُمْ أَقَامُوا۟ ٱلتَّوْرَىٰةَ وَٱلْإِنجِيلَ وَمَآ أُنزِلَ إِلَيْهِم مِّن رَّبِّهِمْ لَأَكَلُوا۟ مِن فَوْقِهِمْ وَمِن تَحْتِ أَرْجُلِهِم ۚ مِّنْهُمْ أُمَّةٌ مُّقْتَصِدَةٌ ۖ وَكَثِيرٌ مِّنْهُمْ سَآءَ مَا يَعْمَلُونَ

Transliteration walaw annahum aqāmū l-tawrāta wal-injīla wamā unzila ilayhim min rabbihim la-akalū min fawqihim wamin taḥti arjulihim min'hum ummatun muq'taṣidatun wakathīrun min'hum sāa mā yaʿmalūna

Assamese আৰু সিহঁতে যদি তাওৰাত, ইঞ্জীল আৰু সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা সিহঁতৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া প্ৰতিষ্ঠিত কৰিলেহেঁতেন, তেনেহ’লে সিহঁতে অৱশ্যে সিহঁতৰ ওপৰৰ পৰা আৰু ভৰিৰ তলৰ পৰা আহাৰাদি লাভ কৰিলেহেঁতেন। সিহঁতৰ মাজত এনেকুৱা এটা দল আছে যিসকল হৈছে মধ্যপন্থী, আৰু সিহঁতৰ অধিকাংশই যি কৰে সেয়া কিমান যে নিকৃষ্ট!

Verse 67

۞ يَـٰٓأَيُّهَا ٱلرَّسُولُ بَلِّغْ مَآ أُنزِلَ إِلَيْكَ مِن رَّبِّكَ ۖ وَإِن لَّمْ تَفْعَلْ فَمَا بَلَّغْتَ رِسَالَتَهُۥ ۚ وَٱللَّهُ يَعْصِمُكَ مِنَ ٱلنَّاسِ ۗ إِنَّ ٱللَّهَ لَا يَهْدِى ٱلْقَوْمَ ٱلْكَـٰفِرِينَ

Transliteration yāayyuhā l-rasūlu balligh mā unzila ilayka min rabbika wa-in lam tafʿal famā ballaghta risālatahu wal-lahu yaʿṣimuka mina l-nāsi inna l-laha lā yahdī l-qawma l-kāfirīna

Assamese হে ৰাছুল! তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে সেয়া প্ৰচাৰ কৰা; আৰু যদি তুমি এনে নকৰা তেন্তে তুমি তেওঁৰ বাৰ্তা প্ৰচাৰ নকৰিলা। আল্লাহেই তোমাক মানুহৰ পৰা ৰক্ষা কৰিব। নিশ্চয় আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নকৰে।

Verse 68

قُلْ يَـٰٓأَهْلَ ٱلْكِتَـٰبِ لَسْتُمْ عَلَىٰ شَىْءٍ حَتَّىٰ تُقِيمُوا۟ ٱلتَّوْرَىٰةَ وَٱلْإِنجِيلَ وَمَآ أُنزِلَ إِلَيْكُم مِّن رَّبِّكُمْ ۗ وَلَيَزِيدَنَّ كَثِيرًا مِّنْهُم مَّآ أُنزِلَ إِلَيْكَ مِن رَّبِّكَ طُغْيَـٰنًا وَكُفْرًا ۖ فَلَا تَأْسَ عَلَى ٱلْقَوْمِ ٱلْكَـٰفِرِينَ

Transliteration qul yāahla l-kitābi lastum ʿalā shayin ḥattā tuqīmū l-tawrāta wal-injīla wamā unzila ilaykum min rabbikum walayazīdanna kathīran min'hum mā unzila ilayka min rabbika ṭugh'yānan wakuf'ran falā tasa ʿalā l-qawmi l-kāfirīna

Assamese কোৱা, ‘হে কিতাবীসকল! তাওৰাত, ইঞ্জীল আৰু যি তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে সেয়া প্ৰতিষ্ঠা নকৰালৈকে তোমালোকে কোনো ভিত্তিৰ ওপৰত নহয়। আৰু তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া সিহঁতৰ বহুতৰে অবাধ্যতা আৰু কুফুৰী বৃদ্ধি কৰিব। এতেকে তুমি কাফিৰ সম্প্ৰদায়ৰ বাবে নিৰাশ নহ’বা’।

Verse 69

إِنَّ ٱلَّذِينَ ءَامَنُوا۟ وَٱلَّذِينَ هَادُوا۟ وَٱلصَّـٰبِـُٔونَ وَٱلنَّصَـٰرَىٰ مَنْ ءَامَنَ بِٱللَّهِ وَٱلْيَوْمِ ٱلْـَٔاخِرِ وَعَمِلَ صَـٰلِحًا فَلَا خَوْفٌ عَلَيْهِمْ وَلَا هُمْ يَحْزَنُونَ

Transliteration inna alladhīna āmanū wa-alladhīna hādū wal-ṣābiūna wal-naṣārā man āmana bil-lahi wal-yawmi l-ākhiri waʿamila ṣāliḥan falā khawfun ʿalayhim walā hum yaḥzanūna

Assamese নিশ্চয় যিসকলে ঈমান আনিছে, আৰু যিসকল ইয়াহুদী আৰু ছাবেয়ী লগতে নাছাৰাসকলৰ মাজত যিসকলে আল্লাহ আৰু শেষ দিৱসৰ ওপৰত ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, সিহঁতৰ কোনো ভয় নাই আৰু সিহঁত চিন্তিতও নহ’ব।

Verse 70

لَقَدْ أَخَذْنَا مِيثَـٰقَ بَنِىٓ إِسْرَٰٓءِيلَ وَأَرْسَلْنَآ إِلَيْهِمْ رُسُلًا ۖ كُلَّمَا جَآءَهُمْ رَسُولٌۢ بِمَا لَا تَهْوَىٰٓ أَنفُسُهُمْ فَرِيقًا كَذَّبُوا۟ وَفَرِيقًا يَقْتُلُونَ

Transliteration laqad akhadhnā mīthāqa banī is'rāīla wa-arsalnā ilayhim rusulan kullamā jāahum rasūlun bimā lā tahwā anfusuhum farīqan kadhabū wafarīqan yaqtulūna

Assamese অৱশ্যে আমি বনী ইছৰাঈলৰ পৰা অঙ্গীকাৰ লৈছিলো আৰু সিহঁতৰ ওচৰত বহুতো ৰাছুল প্ৰেৰণ কৰিছিলো। যেতিয়াই কোনো ৰাছুলে সিহঁতৰ ওচৰত এনে কিবা লৈ আহিছে যিটো সিহঁতৰ প্ৰবৃত্তিৰ বিপৰীত তেতিয়াই সিহঁতে ৰাছুলসকলৰ কাৰোবাৰ ওপৰত মিথ্যাৰোপ কৰিছে আৰু কাৰোবাক হত্যা কৰিছে।

Verse 71

وَحَسِبُوٓا۟ أَلَّا تَكُونَ فِتْنَةٌ فَعَمُوا۟ وَصَمُّوا۟ ثُمَّ تَابَ ٱللَّهُ عَلَيْهِمْ ثُمَّ عَمُوا۟ وَصَمُّوا۟ كَثِيرٌ مِّنْهُمْ ۚ وَٱللَّهُ بَصِيرٌۢ بِمَا يَعْمَلُونَ

Transliteration waḥasibū allā takūna fit'natun faʿamū waṣammū thumma tāba l-lahu ʿalayhim thumma ʿamū waṣammū kathīrun min'hum wal-lahu baṣīrun bimā yaʿmalūna

Assamese আৰু সিহঁতে ভাৱিছিল যে, সিহঁতৰ কোনো বিপৰ্যয় নহ’ব, ফলত সিহঁত অন্ধ আৰু বধিৰ হৈ গৈছিল। তাৰ পিছতো আল্লাহে সিহঁতৰ তাওবা কবুল কৰিছিল। তথাপিও সিহঁতৰ বহুতেই অন্ধ আৰু বধিৰ হৈছিল। আৰু সিহঁতে যি আমল কৰে সেই বিষয়ে আল্লাহ সম্যক দ্ৰষ্টা।

Verse 72

لَقَدْ كَفَرَ ٱلَّذِينَ قَالُوٓا۟ إِنَّ ٱللَّهَ هُوَ ٱلْمَسِيحُ ٱبْنُ مَرْيَمَ ۖ وَقَالَ ٱلْمَسِيحُ يَـٰبَنِىٓ إِسْرَٰٓءِيلَ ٱعْبُدُوا۟ ٱللَّهَ رَبِّى وَرَبَّكُمْ ۖ إِنَّهُۥ مَن يُشْرِكْ بِٱللَّهِ فَقَدْ حَرَّمَ ٱللَّهُ عَلَيْهِ ٱلْجَنَّةَ وَمَأْوَىٰهُ ٱلنَّارُ ۖ وَمَا لِلظَّـٰلِمِينَ مِنْ أَنصَارٍ

Transliteration laqad kafara alladhīna qālū inna l-laha huwa l-masīḥu ub'nu maryama waqāla l-masīḥu yābanī is'rāīla uʿ'budū l-laha rabbī warabbakum innahu man yush'rik bil-lahi faqad ḥarrama l-lahu ʿalayhi l-janata wamawāhu l-nāru wamā lilẓẓālimīna min anṣārin

Assamese যিসকলে কয়, ‘মছিহ ইবনে মাৰইয়ামেই হৈছে আল্লাহ’, অৱশ্যে সিহঁতে কুফুৰী কৰিছে। অথচ মছিহে কৈছে, ‘হে ইছৰাঈলৰ সন্তানসকল! তোমালোকে সেই আল্লাহৰ ইবাদত কৰা যিজন মোৰ ৰব আৰু তোমালোকৰো ৰব’। নিশ্চয় যিয়ে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰে আল্লাহে তাৰ ওপৰত জান্নাত হাৰাম কৰি দিছে আৰু তাৰ ঠিকনা হ’ব জাহান্নাম; আৰু যালিমসকলৰ বাবে কোনো সহায়কাৰী নাই।

Verse 73

لَّقَدْ كَفَرَ ٱلَّذِينَ قَالُوٓا۟ إِنَّ ٱللَّهَ ثَالِثُ ثَلَـٰثَةٍ ۘ وَمَا مِنْ إِلَـٰهٍ إِلَّآ إِلَـٰهٌ وَٰحِدٌ ۚ وَإِن لَّمْ يَنتَهُوا۟ عَمَّا يَقُولُونَ لَيَمَسَّنَّ ٱلَّذِينَ كَفَرُوا۟ مِنْهُمْ عَذَابٌ أَلِيمٌ

Transliteration laqad kafara alladhīna qālū inna l-laha thālithu thalāthatin wamā min ilāhin illā ilāhun wāḥidun wa-in lam yantahū ʿammā yaqūlūna layamassanna alladhīna kafarū min'hum ʿadhābun alīmun

Assamese সিহঁতে অৱশ্যে কুফুৰী কৰিছে- যিসকলে কয়, ‘আল্লাহ হৈছে তিনিৰ মাজত তৃতীয়’, অথচ এক আল্লাহৰ বাহিৰে আন কোনো ইলাহ নাই; আৰু সিহঁতে যি কয় তাৰ পৰা সিহঁতে বিৰত নাথাকিলে সিহঁতৰ মাজত যিসকলে কুফুৰী কৰিছে, সিহঁতৰ ওপৰত অৱশ্যে কষ্টদায়ক শাস্তি আপতিত হ’ব।

Verse 74

أَفَلَا يَتُوبُونَ إِلَى ٱللَّهِ وَيَسْتَغْفِرُونَهُۥ ۚ وَٱللَّهُ غَفُورٌ رَّحِيمٌ

Transliteration afalā yatūbūna ilā l-lahi wayastaghfirūnahu wal-lahu ghafūrun raḥīmun

Assamese কি হ’ল সিহঁতে আল্লাহৰ ফালে উভতি নাহিবনে আৰু তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা নকৰিবনে? আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

Verse 75

مَّا ٱلْمَسِيحُ ٱبْنُ مَرْيَمَ إِلَّا رَسُولٌ قَدْ خَلَتْ مِن قَبْلِهِ ٱلرُّسُلُ وَأُمُّهُۥ صِدِّيقَةٌ ۖ كَانَا يَأْكُلَانِ ٱلطَّعَامَ ۗ ٱنظُرْ كَيْفَ نُبَيِّنُ لَهُمُ ٱلْـَٔايَـٰتِ ثُمَّ ٱنظُرْ أَنَّىٰ يُؤْفَكُونَ

Transliteration mā l-masīḥu ub'nu maryama illā rasūlun qad khalat min qablihi l-rusulu wa-ummuhu ṣiddīqatun kānā yakulāni l-ṭaʿāma unẓur kayfa nubayyinu lahumu l-āyāti thumma unẓur annā yu'fakūna

Assamese মাৰইয়ামৰ পুত্ৰ মছীহ কেৱল এজন ৰাছুল। তেওঁৰ পূৰ্বে বহুতো ৰাছুল অতীত হৈছে আৰু তেওঁৰ মাক আছিল অত্যন্ত সত্যবাদী। তেওঁলোক দুজনেই খোৱা-বোৱা কৰিছিল। চোৱা, আমি সিহঁতৰ বাবে আয়াতসমূহ কেনেকৈ বিস্তাৰিতভাৱে বৰ্ণনা কৰো, তথাপিও চোৱা, সিহঁত কেনেকৈ সত্যবিমুখ হয়।

Verse 76

قُلْ أَتَعْبُدُونَ مِن دُونِ ٱللَّهِ مَا لَا يَمْلِكُ لَكُمْ ضَرًّا وَلَا نَفْعًا ۚ وَٱللَّهُ هُوَ ٱلسَّمِيعُ ٱلْعَلِيمُ

Transliteration qul ataʿbudūna min dūni l-lahi mā lā yamliku lakum ḍarran walā nafʿan wal-lahu huwa l-samīʿu l-ʿalīmu

Assamese কোৱা, তোমালোকে আল্লাহৰ বাহিৰে এনে বস্তুৰ ইবাদত কৰা নেকি যিয়ে তোমালোকৰ কোনো ক্ষতি বা উপকাৰ কৰাৰ ক্ষমতা নাৰাখে? আৰু আল্লাহেই সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

Verse 77

قُلْ يَـٰٓأَهْلَ ٱلْكِتَـٰبِ لَا تَغْلُوا۟ فِى دِينِكُمْ غَيْرَ ٱلْحَقِّ وَلَا تَتَّبِعُوٓا۟ أَهْوَآءَ قَوْمٍ قَدْ ضَلُّوا۟ مِن قَبْلُ وَأَضَلُّوا۟ كَثِيرًا وَضَلُّوا۟ عَن سَوَآءِ ٱلسَّبِيلِ

Transliteration qul yāahla l-kitābi lā taghlū fī dīnikum ghayra l-ḥaqi walā tattabiʿū ahwāa qawmin qad ḍallū min qablu wa-aḍallū kathīran waḍallū ʿan sawāi l-sabīli

Assamese কোৱা, ‘হে কিতাবীসকল! তোমালোকে সত্যৰ বাহিৰে নিজ দ্বীনৰ বিষয়ে সীমালংঘন নকৰিবা আৰু ইয়াৰ পূৰ্বে যিবোৰ সম্প্ৰদায় পথভ্ৰষ্ট হৈছে আৰু বহুতকে পথভ্ৰষ্ট কৰিছে লগতে সৰল পথৰ পৰা বিচ্যুত হৈছে সিহঁতৰ অনুসৰণ নকৰিবা’।

Verse 78

لُعِنَ ٱلَّذِينَ كَفَرُوا۟ مِنۢ بَنِىٓ إِسْرَٰٓءِيلَ عَلَىٰ لِسَانِ دَاوُۥدَ وَعِيسَى ٱبْنِ مَرْيَمَ ۚ ذَٰلِكَ بِمَا عَصَوا۟ وَّكَانُوا۟ يَعْتَدُونَ

Transliteration luʿina alladhīna kafarū min banī is'rāīla ʿalā lisāni dāwūda waʿīsā ib'ni maryama dhālika bimā ʿaṣaw wakānū yaʿtadūna

Assamese বনী ইছৰাঈলৰ মাজত যিসকলে কুফুৰী কৰিছিল সিহঁতে দাঊদ আৰু মাৰইয়ামৰ পুত্ৰ ঈছাৰ মুখত অভিশপ্ত হৈছিল। সেয়া এই কাৰণে যে, সিহঁত অবাধ্যতা কৰিছিল আৰু সিহঁতে সীমালংঘন কৰিছিল।

Verse 79

كَانُوا۟ لَا يَتَنَاهَوْنَ عَن مُّنكَرٍ فَعَلُوهُ ۚ لَبِئْسَ مَا كَانُوا۟ يَفْعَلُونَ

Transliteration kānū lā yatanāhawna ʿan munkarin faʿalūhu labi'sa mā kānū yafʿalūna

Assamese সিহঁতে ইজনে সিজনক বেয়া কামৰ পৰা নিষেধ কৰা নাছিল, সিহঁতে যি কৰিছে সেয়া কিমান যে নিকৃষ্ট!

Verse 80

تَرَىٰ كَثِيرًا مِّنْهُمْ يَتَوَلَّوْنَ ٱلَّذِينَ كَفَرُوا۟ ۚ لَبِئْسَ مَا قَدَّمَتْ لَهُمْ أَنفُسُهُمْ أَن سَخِطَ ٱللَّهُ عَلَيْهِمْ وَفِى ٱلْعَذَابِ هُمْ خَـٰلِدُونَ

Transliteration tarā kathīran min'hum yatawallawna alladhīna kafarū labi'sa mā qaddamat lahum anfusuhum an sakhiṭa l-lahu ʿalayhim wafī l-ʿadhābi hum khālidūna

Assamese সিহঁতৰ মাজৰ বহুতকে তুমি কাফিৰসকলৰ লগত বন্ধুত্ব কৰোঁতে দেখিবা। সিহঁতৰ অন্তৰে সিহঁতৰ বাবে যি পেচ কৰিছে (সিহঁতে কৰা কামসমূহ) সেয়া কিমান যে নিকৃষ্ট! সেই কাৰণে আল্লাহে সিহঁতৰ ওপৰত ক্ৰোধান্বিত হৈছে আৰু সিহঁত শাস্তিতেই স্থায়ী হ’ব।

Verse 81

وَلَوْ كَانُوا۟ يُؤْمِنُونَ بِٱللَّهِ وَٱلنَّبِىِّ وَمَآ أُنزِلَ إِلَيْهِ مَا ٱتَّخَذُوهُمْ أَوْلِيَآءَ وَلَـٰكِنَّ كَثِيرًا مِّنْهُمْ فَـٰسِقُونَ

Transliteration walaw kānū yu'minūna bil-lahi wal-nabiyi wamā unzila ilayhi mā ittakhadhūhum awliyāa walākinna kathīran min'hum fāsiqūna

Assamese আৰু সিহঁতে আল্লাহ আৰু নবীৰ প্ৰতি লগতে তেওঁৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত ঈমান আনিলে কাফিৰসকলক বন্ধুৰূপে গ্ৰহণ নকৰিলেহেঁতেন, কিন্তু সিহঁতৰ বেছিভাগেই ফাছিক্ব।

Verse 82

۞ لَتَجِدَنَّ أَشَدَّ ٱلنَّاسِ عَدَٰوَةً لِّلَّذِينَ ءَامَنُوا۟ ٱلْيَهُودَ وَٱلَّذِينَ أَشْرَكُوا۟ ۖ وَلَتَجِدَنَّ أَقْرَبَهُم مَّوَدَّةً لِّلَّذِينَ ءَامَنُوا۟ ٱلَّذِينَ قَالُوٓا۟ إِنَّا نَصَـٰرَىٰ ۚ ذَٰلِكَ بِأَنَّ مِنْهُمْ قِسِّيسِينَ وَرُهْبَانًا وَأَنَّهُمْ لَا يَسْتَكْبِرُونَ

Transliteration latajidanna ashadda l-nāsi ʿadāwatan lilladhīna āmanū l-yahūda wa-alladhīna ashrakū walatajidanna aqrabahum mawaddatan lilladhīna āmanū alladhīna qālū innā naṣārā dhālika bi-anna min'hum qissīsīna waruh'bānan wa-annahum lā yastakbirūna

Assamese তুমি অৱশ্যে মুমিনসকলৰ বাবে মানুহৰ মাজত শত্ৰুতাত অধিক কঠোৰ পাবা ইয়াহুদীসকলক আৰু যিসকলে শ্বিৰ্ক কৰিছে সিহঁতক। আৰু মুমিনসকলৰ বাবে বন্ধুত্বৰ দিশত আটাইতকৈ ওচৰত পাবা সেইসকল লোকক যিসকলে কয়, ‘আমি নাছাৰা’, এয়া এই কাৰণে যে, সিহঁতৰ মাজত বহুতো পণ্ডিত আৰু সংসাৰবিৰাগী আছে আৰু সিহঁতে নিশ্চয় অহংকাৰ নকৰে।

Verse 83

وَإِذَا سَمِعُوا۟ مَآ أُنزِلَ إِلَى ٱلرَّسُولِ تَرَىٰٓ أَعْيُنَهُمْ تَفِيضُ مِنَ ٱلدَّمْعِ مِمَّا عَرَفُوا۟ مِنَ ٱلْحَقِّ ۖ يَقُولُونَ رَبَّنَآ ءَامَنَّا فَٱكْتُبْنَا مَعَ ٱلشَّـٰهِدِينَ

Transliteration wa-idhā samiʿū mā unzila ilā l-rasūli tarā aʿyunahum tafīḍu mina l-damʿi mimmā ʿarafū mina l-ḥaqi yaqūlūna rabbanā āmannā fa-uk'tub'nā maʿa l-shāhidīna

Assamese আৰু ৰাছুলৰ প্ৰতি যি অৱতীৰ্ণ হৈছে সেয়া যেতিয়া সিহঁতে শুনে, তেতিয়া সিহঁতে যি সত্য উপলব্ধি কৰে তাৰ বাবে তুমি সিহঁতৰ চকু অশ্ৰু বিগলিত দেখিবা। সিহঁতে কয়, ‘হে আমাৰ ৰব! আমি ঈমান আনিছো, সেয়ে তুমি আমাক সাক্ষ্য দানকাৰীসকলৰ তালিকাভুক্ত কৰা’।

Verse 84

وَمَا لَنَا لَا نُؤْمِنُ بِٱللَّهِ وَمَا جَآءَنَا مِنَ ٱلْحَقِّ وَنَطْمَعُ أَن يُدْخِلَنَا رَبُّنَا مَعَ ٱلْقَوْمِ ٱلصَّـٰلِحِينَ

Transliteration wamā lanā lā nu'minu bil-lahi wamā jāanā mina l-ḥaqi wanaṭmaʿu an yud'khilanā rabbunā maʿa l-qawmi l-ṣāliḥīna

Assamese ‘আৰু আমাৰ কি হৈছে, আমি কিয় আল্লাহৰ প্ৰতি আৰু যি সত্য আমাৰ ওচৰত আহিছে তাৰ প্ৰতি বিশ্বাস স্থাপন নকৰিম? অথচ আমি প্ৰত্যাশা কৰো যে, আমাৰ প্ৰতিপালকে আমাক পূণ্যবান সম্প্ৰদায়ৰ অন্তৰ্ভূক্ত কৰিব’।

Verse 85

فَأَثَـٰبَهُمُ ٱللَّهُ بِمَا قَالُوا۟ جَنَّـٰتٍ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ خَـٰلِدِينَ فِيهَا ۚ وَذَٰلِكَ جَزَآءُ ٱلْمُحْسِنِينَ

Transliteration fa-athābahumu l-lahu bimā qālū jannātin tajrī min taḥtihā l-anhāru khālidīna fīhā wadhālika jazāu l-muḥ'sinīna

Assamese সেয়ে সিহঁতৰ এই কথাৰ কাৰণে আল্লাহে সিহঁতৰ বাবে পুৰষ্কাৰ নিৰ্দিষ্ট কৰিছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত সিহঁত স্থায়ী হ’ব; আৰু এইটো মুহছীনসকলৰ পুৰষ্কাৰ।

Verse 86

وَٱلَّذِينَ كَفَرُوا۟ وَكَذَّبُوا۟ بِـَٔايَـٰتِنَآ أُو۟لَـٰٓئِكَ أَصْحَـٰبُ ٱلْجَحِيمِ

Transliteration wa-alladhīna kafarū wakadhabū biāyātinā ulāika aṣḥābu l-jaḥīmi

Assamese আৰু যিসকলে কুফৰী কৰিছে আৰু আমাৰ আয়াতসমূহক মিথ্যাৰোপ কৰিছে, সিহঁতেই জাহান্নামী।

Verse 87

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا تُحَرِّمُوا۟ طَيِّبَـٰتِ مَآ أَحَلَّ ٱللَّهُ لَكُمْ وَلَا تَعْتَدُوٓا۟ ۚ إِنَّ ٱللَّهَ لَا يُحِبُّ ٱلْمُعْتَدِينَ

Transliteration yāayyuhā alladhīna āmanū lā tuḥarrimū ṭayyibāti mā aḥalla l-lahu lakum walā taʿtadū inna l-laha lā yuḥibbu l-muʿ'tadīna

Assamese হে মুমিনসকল! আল্লাহে তোমালোকৰ বাবে উৎকৃষ্ট যিবোৰ বস্তু হালাল কৰিছে সেইবোৰক তোমালোকে হাৰাম নকৰিবা আৰু সীমালংঘন নকৰিবা। নিশ্চয় আল্লাহে সীমালংঘনকাৰী সকলক পছন্দ নকৰে।

Verse 88

وَكُلُوا۟ مِمَّا رَزَقَكُمُ ٱللَّهُ حَلَـٰلًا طَيِّبًا ۚ وَٱتَّقُوا۟ ٱللَّهَ ٱلَّذِىٓ أَنتُم بِهِۦ مُؤْمِنُونَ

Transliteration wakulū mimmā razaqakumu l-lahu ḥalālan ṭayyiban wa-ittaqū l-laha alladhī antum bihi mu'minūna

Assamese আৰু আল্লাহে তোমালোকক যি হালাল আৰু উৎকৃষ্ট জীৱিকা প্ৰদান কৰিছে তাৰ পৰা খোৱা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাৰ প্ৰতি তোমালোকে বিশ্বাস স্থাপন কৰিছা।

Verse 89

لَا يُؤَاخِذُكُمُ ٱللَّهُ بِٱللَّغْوِ فِىٓ أَيْمَـٰنِكُمْ وَلَـٰكِن يُؤَاخِذُكُم بِمَا عَقَّدتُّمُ ٱلْأَيْمَـٰنَ ۖ فَكَفَّـٰرَتُهُۥٓ إِطْعَامُ عَشَرَةِ مَسَـٰكِينَ مِنْ أَوْسَطِ مَا تُطْعِمُونَ أَهْلِيكُمْ أَوْ كِسْوَتُهُمْ أَوْ تَحْرِيرُ رَقَبَةٍ ۖ فَمَن لَّمْ يَجِدْ فَصِيَامُ ثَلَـٰثَةِ أَيَّامٍ ۚ ذَٰلِكَ كَفَّـٰرَةُ أَيْمَـٰنِكُمْ إِذَا حَلَفْتُمْ ۚ وَٱحْفَظُوٓا۟ أَيْمَـٰنَكُمْ ۚ كَذَٰلِكَ يُبَيِّنُ ٱللَّهُ لَكُمْ ءَايَـٰتِهِۦ لَعَلَّكُمْ تَشْكُرُونَ

Transliteration lā yuākhidhukumu l-lahu bil-laghwi fī aymānikum walākin yuākhidhukum bimā ʿaqqadttumu l-aymāna fakaffāratuhu iṭ'ʿāmu ʿasharati masākīna min awsaṭi mā tuṭ'ʿimūna ahlīkum aw kis'watuhum aw taḥrīru raqabatin faman lam yajid faṣiyāmu thalāthati ayyāmin dhālika kaffāratu aymānikum idhā ḥalaftum wa-iḥ'faẓū aymānakum kadhālika yubayyinu l-lahu lakum āyātihi laʿallakum tashkurūna

Assamese তোমালোকৰ অনৰ্থক শপতৰ বাবে আল্লাহে তোমালোকৰ দোষ নধৰিব, কিন্তু যিবোৰ শপত তোমালোকে ইচ্ছাকৃতভাৱে কৰা সেইবোৰৰ বাবে তেওঁ তোমালোকৰ দোষ ধৰিব। এতেকে ইয়াৰ কাফফাৰা হৈছে, দহজন মিছকীনক মধ্যম ধৰণৰ খাদ্য প্ৰদান কৰা যিবোৰ তোমালোকে নিজ পৰিয়ালত খোৱা, অথবা সিহঁতক বস্ত্ৰ দান কৰিবা নাইবা এজন দাস মুক্ত কৰিবা। যাৰ সামৰ্থ নাই সি তিনি দিন ছিয়াম পালন কৰিব। তোমালোকে শপত কৰিলে এইটোৱে তোমালোকৰ শপতৰ কাফফাৰা। তোমালোকে নিজৰ শপত ৰক্ষা কৰিবা। এইদৰে আল্লাহে তোমালোকৰ বাবে তেওঁৰ আয়াতসমূহ বৰ্ণনা কৰে, যাতে তোমালোকে কৃতজ্ঞতা জ্ঞাপন কৰা।

Verse 90

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِنَّمَا ٱلْخَمْرُ وَٱلْمَيْسِرُ وَٱلْأَنصَابُ وَٱلْأَزْلَـٰمُ رِجْسٌ مِّنْ عَمَلِ ٱلشَّيْطَـٰنِ فَٱجْتَنِبُوهُ لَعَلَّكُمْ تُفْلِحُونَ

Transliteration yāayyuhā alladhīna āmanū innamā l-khamru wal-maysiru wal-anṣābu wal-azlāmu rij'sun min ʿamali l-shayṭāni fa-ij'tanibūhu laʿallakum tuf'liḥūna

Assamese হে মুমিনসকল! মদ, জুৱা, মূৰ্তিপূজাৰ বেদী আৰু ভাগ্য নিৰ্ণয় কৰা তীৰ এইবোৰ কেৱল ঘৃণাৰ বস্তু, চয়তানৰ কাম। সেয়ে তোমালোকে এইবোৰ বৰ্জন কৰা, যাতে তোমালোকে সফল হ’ব পাৰা।

Verse 91

إِنَّمَا يُرِيدُ ٱلشَّيْطَـٰنُ أَن يُوقِعَ بَيْنَكُمُ ٱلْعَدَٰوَةَ وَٱلْبَغْضَآءَ فِى ٱلْخَمْرِ وَٱلْمَيْسِرِ وَيَصُدَّكُمْ عَن ذِكْرِ ٱللَّهِ وَعَنِ ٱلصَّلَوٰةِ ۖ فَهَلْ أَنتُم مُّنتَهُونَ

Transliteration innamā yurīdu l-shayṭānu an yūqiʿa baynakumu l-ʿadāwata wal-baghḍāa fī l-khamri wal-maysiri wayaṣuddakum ʿan dhik'ri l-lahi waʿani l-ṣalati fahal antum muntahūna

Assamese চয়তানে তোমালোকৰ মাজত মদ আৰু জুৱাৰ দ্বাৰা শত্ৰুতা ও বিদ্বেষ সঞ্চাৰ কৰিব বিচাৰে আৰু তোমালোকক আল্লাহৰ স্মৰণত লগতে ছালাতত বাধা প্ৰদান কৰিব বিচাৰে। তথাপিও তোমালোকে বিৰত নেথাকিবানে?

Verse 92

وَأَطِيعُوا۟ ٱللَّهَ وَأَطِيعُوا۟ ٱلرَّسُولَ وَٱحْذَرُوا۟ ۚ فَإِن تَوَلَّيْتُمْ فَٱعْلَمُوٓا۟ أَنَّمَا عَلَىٰ رَسُولِنَا ٱلْبَلَـٰغُ ٱلْمُبِينُ

Transliteration wa-aṭīʿū l-laha wa-aṭīʿū l-rasūla wa-iḥ'dharū fa-in tawallaytum fa-iʿ'lamū annamā ʿalā rasūlinā l-balāghu l-mubīnu

Assamese আৰু তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা লগতে সাৱধানতা অৱলম্বন কৰা; তথাপিও যদি তোমালোকে বিমুখ হোৱা তেন্তে জানি থোৱা যে, আমাৰ ৰাছুলৰ দায়িত্ব কেৱল সুস্পষ্টভাৱে প্ৰচাৰ কৰা।

Verse 93

لَيْسَ عَلَى ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ جُنَاحٌ فِيمَا طَعِمُوٓا۟ إِذَا مَا ٱتَّقَوا۟ وَّءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ ثُمَّ ٱتَّقَوا۟ وَّءَامَنُوا۟ ثُمَّ ٱتَّقَوا۟ وَّأَحْسَنُوا۟ ۗ وَٱللَّهُ يُحِبُّ ٱلْمُحْسِنِينَ

Transliteration laysa ʿalā alladhīna āmanū waʿamilū l-ṣāliḥāti junāḥun fīmā ṭaʿimū idhā mā ittaqaw waāmanū waʿamilū l-ṣāliḥāti thumma ittaqaw waāmanū thumma ittaqaw wa-aḥsanū wal-lahu yuḥibbu l-muḥ'sinīna

Assamese যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে ইয়াৰ আগতে যিবোৰ পানাহাৰ কৰিছে তাৰ বাবে তেওঁলোকৰ কোনো গুণাহ নাই, যদি তেওঁলোকে তাক্বৱা অৱলম্বন কৰে, ঈমান আনে আৰু সৎকৰ্ম কৰে। তাৰ পিছত তেওঁলোকে তাক্বৱা অৱলম্বন কৰে আৰু ঈমান আনে। তাৰ পিছত তেওঁলোকে তাক্বৱা অৱলম্বন কৰে আৰু ইহছান কৰে। তেন্তে (জানি থোৱা) আল্লাহে মুহছীনসকলক পছন্দ কৰে।

Verse 94

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَيَبْلُوَنَّكُمُ ٱللَّهُ بِشَىْءٍ مِّنَ ٱلصَّيْدِ تَنَالُهُۥٓ أَيْدِيكُمْ وَرِمَاحُكُمْ لِيَعْلَمَ ٱللَّهُ مَن يَخَافُهُۥ بِٱلْغَيْبِ ۚ فَمَنِ ٱعْتَدَىٰ بَعْدَ ذَٰلِكَ فَلَهُۥ عَذَابٌ أَلِيمٌ

Transliteration yāayyuhā alladhīna āmanū layabluwannakumu l-lahu bishayin mina l-ṣaydi tanāluhu aydīkum warimāḥukum liyaʿlama l-lahu man yakhāfuhu bil-ghaybi famani iʿ'tadā baʿda dhālika falahu ʿadhābun alīmun

Assamese হে ঈমান্দাৰসকল! আল্লাহে তোমালোকক অৱশ্যে পৰীক্ষা কৰিব চিকাৰৰ এনেকুৱা বস্তুৰ দ্বাৰা যিবোৰ তোমালোকৰ হাতৰ আৰু বল্লমৰ আওতাত থাকে, যাতে আল্লাহে প্ৰকাশ কৰি দিয়ে যে, কোনে তেওঁক নেদেখাকৈয়ে ভয় পায়। সেয়ে ইয়াৰ পিছতো কোনোবাই সীমালংঘন কৰিলে তাৰ বাবে কষ্টদায়ক শাস্তি আছে।

Verse 95

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا تَقْتُلُوا۟ ٱلصَّيْدَ وَأَنتُمْ حُرُمٌ ۚ وَمَن قَتَلَهُۥ مِنكُم مُّتَعَمِّدًا فَجَزَآءٌ مِّثْلُ مَا قَتَلَ مِنَ ٱلنَّعَمِ يَحْكُمُ بِهِۦ ذَوَا عَدْلٍ مِّنكُمْ هَدْيًۢا بَـٰلِغَ ٱلْكَعْبَةِ أَوْ كَفَّـٰرَةٌ طَعَامُ مَسَـٰكِينَ أَوْ عَدْلُ ذَٰلِكَ صِيَامًا لِّيَذُوقَ وَبَالَ أَمْرِهِۦ ۗ عَفَا ٱللَّهُ عَمَّا سَلَفَ ۚ وَمَنْ عَادَ فَيَنتَقِمُ ٱللَّهُ مِنْهُ ۗ وَٱللَّهُ عَزِيزٌ ذُو ٱنتِقَامٍ

Transliteration yāayyuhā alladhīna āmanū lā taqtulū l-ṣayda wa-antum ḥurumun waman qatalahu minkum mutaʿammidan fajazāon mith'lu mā qatala mina l-naʿami yaḥkumu bihi dhawā ʿadlin minkum hadyan bāligha l-kaʿbati aw kaffāratun ṭaʿāmu masākīna aw ʿadlu dhālika ṣiyāman liyadhūqa wabāla amrihi ʿafā l-lahu ʿammā salafa waman ʿāda fayantaqimu l-lahu min'hu wal-lahu ʿazīzun dhū intiqāmin

Assamese হে ঈমান্দাৰসকল! তোমালোকে ইহৰামত থকা অৱস্থাত চিকাৰ (জন্তু) হত্যা নকৰিবা, আৰু যদি তোমালোকৰ মাজত কোনোবাই সেয়া ইচ্ছাকৃতভাৱে হত্যা কৰে তেন্তে সি যিটো হত্যা কৰিছে তাৰ বিনিময় হৈছে অনুৰূপ গৃহপালিত জন্তু, যাৰ ফয়চালা কৰিব তোমালোকৰ মাজৰ দুজন ন্যায়বিচাৰক লোকে- কুৰবানীৰ জন্তু হিচাপে কা’বালৈ পৌঁচাব লাগিব নাইবা ইয়াৰ কাফফাৰা হ’ব দৰিদ্ৰক খাদ্য দান কৰা অথবা সেই অনুপাতে ছিয়াম পালন কৰা, যাতে সি নিজ কৃতকৰ্মৰ ফল ভোগ কৰিব পাৰে। আগতে যি হৈছে আল্লাহে সেয়া ক্ষমা কৰিছে। কিন্তু কোনোবাই যদি সেয়া আকৌ কৰে তেন্তে আল্লাহে তাৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰিব আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী।

Verse 96

أُحِلَّ لَكُمْ صَيْدُ ٱلْبَحْرِ وَطَعَامُهُۥ مَتَـٰعًا لَّكُمْ وَلِلسَّيَّارَةِ ۖ وَحُرِّمَ عَلَيْكُمْ صَيْدُ ٱلْبَرِّ مَا دُمْتُمْ حُرُمًا ۗ وَٱتَّقُوا۟ ٱللَّهَ ٱلَّذِىٓ إِلَيْهِ تُحْشَرُونَ

Transliteration uḥilla lakum ṣaydu l-baḥri waṭaʿāmuhu matāʿan lakum walilssayyārati waḥurrima ʿalaykum ṣaydu l-bari mā dum'tum ḥuruman wa-ittaqū l-laha alladhī ilayhi tuḥ'sharūna

Assamese তোমালোকৰ বাবে সাগৰৰ চিকাৰ আৰু সেয়া ভক্ষণ কৰা হালাল কৰা হৈছে, তোমালোকৰ আৰু পৰ্যটকসকলৰ ভোগৰ বাবে। তোমালোকে যেতিয়ালৈকে ইহৰামত থাকিবা তেতিয়ালৈকে তোমালোকৰ বাবে স্থলৰ চিকাৰ কৰা হাৰাম; আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাৰ ওচৰত তোমালোকক একত্ৰিত কৰা হ’ব।

Verse 97

۞ جَعَلَ ٱللَّهُ ٱلْكَعْبَةَ ٱلْبَيْتَ ٱلْحَرَامَ قِيَـٰمًا لِّلنَّاسِ وَٱلشَّهْرَ ٱلْحَرَامَ وَٱلْهَدْىَ وَٱلْقَلَـٰٓئِدَ ۚ ذَٰلِكَ لِتَعْلَمُوٓا۟ أَنَّ ٱللَّهَ يَعْلَمُ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ وَأَنَّ ٱللَّهَ بِكُلِّ شَىْءٍ عَلِيمٌ

Transliteration jaʿala l-lahu l-kaʿbata l-bayta l-ḥarāma qiyāman lilnnāsi wal-shahra l-ḥarāma wal-hadya wal-qalāida dhālika litaʿlamū anna l-laha yaʿlamu mā fī l-samāwāti wamā fī l-arḍi wa-anna l-laha bikulli shayin ʿalīmun

Assamese আল্লাহে পৱিত্ৰ কাবা ঘৰক, পৱিত্ৰ মাহক, হাদয়ি আৰু গলাৱদ্ধ জন্তুকো মানুহৰ কল্যাণৰ বাবে নিৰ্ধাৰিত কৰিছে। এইটো এই বাবে যে, যাতে তোমালোকে জানিব পাৰা, নিশ্চয় আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে আল্লাহে সেয়া জানে আৰু নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।

Verse 98

ٱعْلَمُوٓا۟ أَنَّ ٱللَّهَ شَدِيدُ ٱلْعِقَابِ وَأَنَّ ٱللَّهَ غَفُورٌ رَّحِيمٌ

Transliteration iʿ'lamū anna l-laha shadīdu l-ʿiqābi wa-anna l-laha ghafūrun raḥīmun

Assamese জানি থোৱা, নিশ্চয় আল্লাহ শাস্তি দানত অতি কঠোৰ, আৰু আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু।

Verse 99

مَّا عَلَى ٱلرَّسُولِ إِلَّا ٱلْبَلَـٰغُ ۗ وَٱللَّهُ يَعْلَمُ مَا تُبْدُونَ وَمَا تَكْتُمُونَ

Transliteration mā ʿalā l-rasūli illā l-balāghu wal-lahu yaʿlamu mā tub'dūna wamā taktumūna

Assamese ৰাছুলৰ দায়িত্ব কেৱল প্ৰচাৰ কৰা; আৰু তোমালোকে যি প্ৰকাশ কৰা আৰু যি গোপন কৰা সেয়া আল্লাহে জানে।

Verse 100

قُل لَّا يَسْتَوِى ٱلْخَبِيثُ وَٱلطَّيِّبُ وَلَوْ أَعْجَبَكَ كَثْرَةُ ٱلْخَبِيثِ ۚ فَٱتَّقُوا۟ ٱللَّهَ يَـٰٓأُو۟لِى ٱلْأَلْبَـٰبِ لَعَلَّكُمْ تُفْلِحُونَ

Transliteration qul lā yastawī l-khabīthu wal-ṭayibu walaw aʿjabaka kathratu l-khabīthi fa-ittaqū l-laha yāulī l-albābi laʿallakum tuf'liḥūna

Assamese কোৱা, অপৱিত্ৰ আৰু পৱিত্ৰ সমান নহয়, যদিও অপৱিত্ৰৰ আধিক্য তোমাক মুগ্ধ কৰে। সেয়ে, হে বোধসম্পন্ন ব্যক্তিসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা যাতে তোমালোকে সফল হ’ব পাৰা।

Verse 101

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا تَسْـَٔلُوا۟ عَنْ أَشْيَآءَ إِن تُبْدَ لَكُمْ تَسُؤْكُمْ وَإِن تَسْـَٔلُوا۟ عَنْهَا حِينَ يُنَزَّلُ ٱلْقُرْءَانُ تُبْدَ لَكُمْ عَفَا ٱللَّهُ عَنْهَا ۗ وَٱللَّهُ غَفُورٌ حَلِيمٌ

Transliteration yāayyuhā alladhīna āmanū lā tasalū ʿan ashyāa in tub'da lakum tasu'kum wa-in tasalū ʿanhā ḥīna yunazzalu l-qur'ānu tub'da lakum ʿafā l-lahu ʿanhā wal-lahu ghafūrun ḥalīmun

Assamese হে মুমিনসকল! তোমালোকে এনে কোনো বিষয়ে প্ৰশ্ন নকৰিবা যিটো তোমালোকৰ ওচৰত প্ৰকাশ কৰা হ’লে সেয়া তোমালোকক কষ্ট দিব। আৰু কোৰআন অৱতীৰ্ণ হোৱাৰ সময়ত তোমালোকে যদি তেনেকুৱা কোনো প্ৰশ্ন কৰা তেন্তে সেয়া তোমালোকৰ ওচৰত প্ৰকাশ কৰা হ’ব। আল্লাহে সেইবোৰ ক্ষমা কৰিছে আৰু আল্লাহ ক্ষমাশীল, সহনশীল।

Verse 102

قَدْ سَأَلَهَا قَوْمٌ مِّن قَبْلِكُمْ ثُمَّ أَصْبَحُوا۟ بِهَا كَـٰفِرِينَ

Transliteration qad sa-alahā qawmun min qablikum thumma aṣbaḥū bihā kāfirīna

Assamese তোমালোকৰ আগতেও এটা সম্প্ৰদায়ে এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছিল; তাৰ পিছত সিহঁতে ইয়াৰ কাৰণে কাফিৰ হৈ গৈছিল।

Verse 103

مَا جَعَلَ ٱللَّهُ مِنۢ بَحِيرَةٍ وَلَا سَآئِبَةٍ وَلَا وَصِيلَةٍ وَلَا حَامٍ ۙ وَلَـٰكِنَّ ٱلَّذِينَ كَفَرُوا۟ يَفْتَرُونَ عَلَى ٱللَّهِ ٱلْكَذِبَ ۖ وَأَكْثَرُهُمْ لَا يَعْقِلُونَ

Transliteration mā jaʿala l-lahu min baḥīratin walā sāibatin walā waṣīlatin walā ḥāmin walākinna alladhīna kafarū yaftarūna ʿalā l-lahi l-kadhiba wa-aktharuhum lā yaʿqilūna

Assamese বাহীৰাহ, ছায়েবাহ, অছীলাহ আৰু হাম আল্লাহে প্ৰৱৰ্তন কৰা নাই; কিন্তু কাফিৰসকলে আল্লাহৰ প্ৰতি মিথ্যাৰোপ কৰে আৰু সিহঁতৰ অধিকাংশই নুবুজে।

Verse 104

وَإِذَا قِيلَ لَهُمْ تَعَالَوْا۟ إِلَىٰ مَآ أَنزَلَ ٱللَّهُ وَإِلَى ٱلرَّسُولِ قَالُوا۟ حَسْبُنَا مَا وَجَدْنَا عَلَيْهِ ءَابَآءَنَآ ۚ أَوَلَوْ كَانَ ءَابَآؤُهُمْ لَا يَعْلَمُونَ شَيْـًٔا وَلَا يَهْتَدُونَ

Transliteration wa-idhā qīla lahum taʿālaw ilā mā anzala l-lahu wa-ilā l-rasūli qālū ḥasbunā mā wajadnā ʿalayhi ābāanā awalaw kāna ābāuhum lā yaʿlamūna shayan walā yahtadūna

Assamese আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে সেইপিনে আৰু ৰাছুলৰ পিনে আহা’, তেতিয়া সিহঁতে কয়, ‘আমি আমাৰ পূৰ্বপুৰুষসকলক যিটোত পাইছো সেইটোৱেই আমাৰ বাবে যথেষ্ট’। যদিও সিহঁতৰ পূৰ্বপুৰুষসকলে একো জনা নাছিল আৰু সৎপথ প্ৰাপ্তও নাছিল, (তথাপিও অনুসৰণ কৰিবনে?)

Verse 105

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ عَلَيْكُمْ أَنفُسَكُمْ ۖ لَا يَضُرُّكُم مَّن ضَلَّ إِذَا ٱهْتَدَيْتُمْ ۚ إِلَى ٱللَّهِ مَرْجِعُكُمْ جَمِيعًا فَيُنَبِّئُكُم بِمَا كُنتُمْ تَعْمَلُونَ

Transliteration yāayyuhā alladhīna āmanū ʿalaykum anfusakum lā yaḍurrukum man ḍalla idhā ih'tadaytum ilā l-lahi marjiʿukum jamīʿan fayunabbi-ukum bimā kuntum taʿmalūna

Assamese হে মুমিনসকল! তোমালোকৰ দায়িত্ব তোমালোকৰ ওপৰতেই। তোমালোকে যদি সৎপথত পৰিচালিত হোৱা তেন্তে যিয়ে পথভ্ৰষ্ট হৈছে সি তোমালোকৰ কোনো ক্ষতি কৰিব নোৱাৰিব। আল্লাহৰ পিনেই তোমালোক সকলোৰে প্ৰত্যাৱৰ্তন, তাৰ পিছত তোমালোকে যি কৰিছিলা সেই সম্বন্ধে তেওঁ তোমালোকক অৱহিত কৰিব।

Verse 106

يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ شَهَـٰدَةُ بَيْنِكُمْ إِذَا حَضَرَ أَحَدَكُمُ ٱلْمَوْتُ حِينَ ٱلْوَصِيَّةِ ٱثْنَانِ ذَوَا عَدْلٍ مِّنكُمْ أَوْ ءَاخَرَانِ مِنْ غَيْرِكُمْ إِنْ أَنتُمْ ضَرَبْتُمْ فِى ٱلْأَرْضِ فَأَصَـٰبَتْكُم مُّصِيبَةُ ٱلْمَوْتِ ۚ تَحْبِسُونَهُمَا مِنۢ بَعْدِ ٱلصَّلَوٰةِ فَيُقْسِمَانِ بِٱللَّهِ إِنِ ٱرْتَبْتُمْ لَا نَشْتَرِى بِهِۦ ثَمَنًا وَلَوْ كَانَ ذَا قُرْبَىٰ ۙ وَلَا نَكْتُمُ شَهَـٰدَةَ ٱللَّهِ إِنَّآ إِذًا لَّمِنَ ٱلْـَٔاثِمِينَ

Transliteration yāayyuhā alladhīna āmanū shahādatu baynikum idhā ḥaḍara aḥadakumu l-mawtu ḥīna l-waṣiyati ith'nāni dhawā ʿadlin minkum aw ākharāni min ghayrikum in antum ḍarabtum fī l-arḍi fa-aṣābatkum muṣībatu l-mawti taḥbisūnahumā min baʿdi l-ṣalati fayuq'simāni bil-lahi ini ir'tabtum lā nashtarī bihi thamanan walaw kāna dhā qur'bā walā naktumu shahādata l-lahi innā idhan lamina l-āthimīna

Assamese হে মুমিনসকল! তোমালোকৰ কাৰোবাৰ যেতিয়া মৃত্যু উপস্থিত হয় তেতিয়া অছিয়ত কৰাৰ সময়ত তোমালোকৰ মাজৰ দুজন ন্যায়পৰায়ণ লোকক সাক্ষী ৰাখিবা; অথবা যদি তোমালোক ভ্ৰমণত থাকোতে তোমালোকক মৃত্যুৰ বিপদে আহি ধৰে তেন্তে আন মানুহৰ (অমুছলিমসকলৰ) পৰা দুজন মানুহক সাক্ষী মনোনীত কৰিবা। যদি তোমালোকৰ সন্দেহ হয় তেন্তে উভয়কে ছালাতৰ পিছত অপেক্ষাত ৰাখিবা। তাৰ পিছত সিহঁতে আল্লাহৰ নামত শপত কৰি ক’ব, ‘আমি ইয়াৰ বিনিময়ত কোনো মূল্য গ্ৰহণ নকৰিম যদিও সি আমাৰ কোনো আত্মীয়ই নহওঁক কিয় আৰু আমি আল্লাহৰ সাক্ষী গোপন নকৰিম, (যদি আমি এনেকুৱা কৰো তেন্তে) নিশ্চয় আমি পাপিষ্ঠসকলৰ অন্তৰ্ভূক্ত হম’।

Verse 107

فَإِنْ عُثِرَ عَلَىٰٓ أَنَّهُمَا ٱسْتَحَقَّآ إِثْمًا فَـَٔاخَرَانِ يَقُومَانِ مَقَامَهُمَا مِنَ ٱلَّذِينَ ٱسْتَحَقَّ عَلَيْهِمُ ٱلْأَوْلَيَـٰنِ فَيُقْسِمَانِ بِٱللَّهِ لَشَهَـٰدَتُنَآ أَحَقُّ مِن شَهَـٰدَتِهِمَا وَمَا ٱعْتَدَيْنَآ إِنَّآ إِذًا لَّمِنَ ٱلظَّـٰلِمِينَ

Transliteration fa-in ʿuthira ʿalā annahumā is'taḥaqqā ith'man faākharāni yaqūmāni maqāmahumā mina alladhīna is'taḥaqqa ʿalayhimu l-awlayāni fayuq'simāni bil-lahi lashahādatunā aḥaqqu min shahādatihimā wamā iʿ'tadaynā innā idhan lamina l-ẓālimīna

Assamese কিন্তু যদি এইটো প্ৰকাশ হয় যে, সিহঁত দুজন অপৰাধত লিপ্ত হৈছে তেন্তে যিসকলৰ স্বাৰ্থহানী হৈছে সিহঁতৰ মাজৰ পৰা নিকটতম দুজন সিহঁত দুজনৰ স্থলাভিষিক্ত হ’ব আৰু আল্লাহৰ নামত শপত কৰি ক’ব, ‘আমাৰ সাক্ষ্য অৱশ্যে সিহঁতৰ সাক্ষ্যৰ পৰা অধিক সত্য আৰু আমি সীমালংঘন কৰা নাই, (আৰু যদি আমি এনেকুৱা কৰি থাকো তেন্তে) অৱশ্যে আমি যালিমসকলৰ অন্তৰ্ভূক্ত হম’।

Verse 108

ذَٰلِكَ أَدْنَىٰٓ أَن يَأْتُوا۟ بِٱلشَّهَـٰدَةِ عَلَىٰ وَجْهِهَآ أَوْ يَخَافُوٓا۟ أَن تُرَدَّ أَيْمَـٰنٌۢ بَعْدَ أَيْمَـٰنِهِمْ ۗ وَٱتَّقُوا۟ ٱللَّهَ وَٱسْمَعُوا۟ ۗ وَٱللَّهُ لَا يَهْدِى ٱلْقَوْمَ ٱلْفَـٰسِقِينَ

Transliteration dhālika adnā an yatū bil-shahādati ʿalā wajhihā aw yakhāfū an turadda aymānun baʿda aymānihim wa-ittaqū l-laha wa-is'maʿū wal-lahu lā yahdī l-qawma l-fāsiqīna

Assamese এই পদ্ধতিয়েই অতি নিকটতম যে, সিহঁতে সাক্ষ্য সঠিকভাৱে উপস্থাপন কৰিব অথবা সিহঁতে (মিছা সাক্ষ্য প্ৰদানকাৰীসকলে) ভয় কৰিব যে, সিহঁতৰ (নিকটাত্মীসকলৰ) শপতৰ পিছত (পূৰ্বোক্ত) শপত প্ৰত্যাখ্যান কৰা হ’ব। তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু শুনা, আল্লাহে ফাছিক সম্প্ৰদায়ক হিদায়ত নকৰে।

Verse 109

۞ يَوْمَ يَجْمَعُ ٱللَّهُ ٱلرُّسُلَ فَيَقُولُ مَاذَآ أُجِبْتُمْ ۖ قَالُوا۟ لَا عِلْمَ لَنَآ ۖ إِنَّكَ أَنتَ عَلَّـٰمُ ٱلْغُيُوبِ

Transliteration yawma yajmaʿu l-lahu l-rusula fayaqūlu mādhā ujib'tum qālū lā ʿil'ma lanā innaka anta ʿallāmu l-ghuyūbi

Assamese (স্মৰণ কৰা) যিদিনা আল্লাহে ৰাছুলসকলক একত্ৰিত কৰিব আৰু সুধিব, ‘তোমালোকক কি উত্তৰ দিয়া হৈছিল’? তেওঁলোকে ক’ব, ‘এই বিষয়ে আমাৰ কোনো জ্ঞান নাই, তুমিয়েইতো গায়েব সম্পৰ্কে সৰ্বজ্ঞানী’।

Verse 110

إِذْ قَالَ ٱللَّهُ يَـٰعِيسَى ٱبْنَ مَرْيَمَ ٱذْكُرْ نِعْمَتِى عَلَيْكَ وَعَلَىٰ وَٰلِدَتِكَ إِذْ أَيَّدتُّكَ بِرُوحِ ٱلْقُدُسِ تُكَلِّمُ ٱلنَّاسَ فِى ٱلْمَهْدِ وَكَهْلًا ۖ وَإِذْ عَلَّمْتُكَ ٱلْكِتَـٰبَ وَٱلْحِكْمَةَ وَٱلتَّوْرَىٰةَ وَٱلْإِنجِيلَ ۖ وَإِذْ تَخْلُقُ مِنَ ٱلطِّينِ كَهَيْـَٔةِ ٱلطَّيْرِ بِإِذْنِى فَتَنفُخُ فِيهَا فَتَكُونُ طَيْرًۢا بِإِذْنِى ۖ وَتُبْرِئُ ٱلْأَكْمَهَ وَٱلْأَبْرَصَ بِإِذْنِى ۖ وَإِذْ تُخْرِجُ ٱلْمَوْتَىٰ بِإِذْنِى ۖ وَإِذْ كَفَفْتُ بَنِىٓ إِسْرَٰٓءِيلَ عَنكَ إِذْ جِئْتَهُم بِٱلْبَيِّنَـٰتِ فَقَالَ ٱلَّذِينَ كَفَرُوا۟ مِنْهُمْ إِنْ هَـٰذَآ إِلَّا سِحْرٌ مُّبِينٌ

Transliteration idh qāla l-lahu yāʿīsā ib'na maryama udh'kur niʿ'matī ʿalayka waʿalā wālidatika idh ayyadttuka birūḥi l-qudusi tukallimu l-nāsa fī l-mahdi wakahlan wa-idh ʿallamtuka l-kitāba wal-ḥik'mata wal-tawrāta wal-injīla wa-idh takhluqu mina l-ṭīni kahayati l-ṭayri bi-idh'nī fatanfukhu fīhā fatakūnu ṭayran bi-idh'nī watub'ri-u l-akmaha wal-abraṣa bi-idh'nī wa-idh tukh'riju l-mawtā bi-idh'nī wa-idh kafaftu banī is'rāīla ʿanka idh ji'tahum bil-bayināti faqāla alladhīna kafarū min'hum in hādhā illā siḥ'run mubīnun

Assamese স্মৰণ কৰা, যেতিয়া আল্লাহে ক’ব, ‘হে মাৰইয়ামৰ পুত্ৰ ঈছা! তোমাৰ প্ৰতি আৰু তোমাৰ মাকৰ প্ৰতি মোৰ নিয়ামত স্মৰণ কৰা, যেতিয়া ৰুহুল কুদুছ প্ৰদান কৰি মই তোমাক শক্তিশালী কৰিছিলো আৰু তুমি দোলনাত থকা অৱস্থাত লগতে পৰিণত বয়সতো মানুহৰ লগত কথা ক’ব পাৰিছিলা, তোমাক কিতাপ, হিকমত, তাওৰাত আৰু ইঞ্জীল শিক্ষা দিছিলো, তুমি বোকা মাটিৰে মোৰ অনুমতিক্ৰমত চৰাইৰ দৰে আকৃতি গঠণ কৰিছিলা আৰু তাত ফুঁ মাৰিছিলা, ফলত মোৰ অনুমতিক্ৰমে সেইটো চৰাই হৈ গৈছিল, জন্মান্ধ আৰু কুষ্ঠ ৰোগীসকলক তুমি মোৰ অনুমতিক্ৰমে নিৰাময় কৰিছিলা আৰু তুমি মোৰ অনুমতিক্ৰমে মৃতক জীৱিত কৰিছিলা, আৰু স্মৰণ কৰা, যেতিয়া মই তোমাৰ পৰা বনী ইছৰাঈলক বিৰত ৰাখিছিলো, যেতিয়া তুমি সিহঁতৰ ওচৰত স্পষ্ট নিদৰ্শন লৈ আহিছিলা তেতিয়া সিহঁতৰ মাজত যিসকলে কুফুৰী কৰিছিল সিহঁতে কৈছিল, ‘এয়া স্পষ্ট যাদুৰ বাহিৰে আন একো নহয়’।

Verse 111

وَإِذْ أَوْحَيْتُ إِلَى ٱلْحَوَارِيِّـۧنَ أَنْ ءَامِنُوا۟ بِى وَبِرَسُولِى قَالُوٓا۟ ءَامَنَّا وَٱشْهَدْ بِأَنَّنَا مُسْلِمُونَ

Transliteration wa-idh awḥaytu ilā l-ḥawāriyīna an āminū bī wabirasūlī qālū āmannā wa-ish'had bi-annanā mus'limūna

Assamese আৰু স্মৰণ কৰা, যেতিয়া মই হাৱাৰীসকলৰ মনত ইলহাম কৰিছিলো যে, ‘তোমালোকে মোৰ প্ৰতি আৰু মোৰ ৰাছুলৰ প্ৰতি ঈমান আনা’, সিহঁতে কৈছিল, ‘আমি ঈমান আনিলো আৰু তুমি সাক্ষী থাকা যে, নিশ্চয় আমি মুছলিম’।

Verse 112

إِذْ قَالَ ٱلْحَوَارِيُّونَ يَـٰعِيسَى ٱبْنَ مَرْيَمَ هَلْ يَسْتَطِيعُ رَبُّكَ أَن يُنَزِّلَ عَلَيْنَا مَآئِدَةً مِّنَ ٱلسَّمَآءِ ۖ قَالَ ٱتَّقُوا۟ ٱللَّهَ إِن كُنتُم مُّؤْمِنِينَ

Transliteration idh qāla l-ḥawāriyūna yāʿīsā ib'na maryama hal yastaṭīʿu rabbuka an yunazzila ʿalaynā māidatan mina l-samāi qāla ittaqū l-laha in kuntum mu'minīna

Assamese স্মৰণ কৰা, যেতিয়া হাৱাৰীসকলে কৈছিল, ‘হে মাৰইয়ামৰ পুত্ৰ ঈছা! তোমাৰ প্ৰতিপালকে আমালৈ আকাশৰ পৰা খাদ্য বস্তুৰে ভৰা দস্তৰখান প্ৰেৰণ কৰিবলৈ সক্ষমনে? তেওঁ কৈছিল, ‘আল্লাহৰ তাক্বৱা অৱলম্বন কৰা যদি তোমালোকে মুমিন হোৱা’।

Verse 113

قَالُوا۟ نُرِيدُ أَن نَّأْكُلَ مِنْهَا وَتَطْمَئِنَّ قُلُوبُنَا وَنَعْلَمَ أَن قَدْ صَدَقْتَنَا وَنَكُونَ عَلَيْهَا مِنَ ٱلشَّـٰهِدِينَ

Transliteration qālū nurīdu an nakula min'hā wataṭma-inna qulūbunā wanaʿlama an qad ṣadaqtanā wanakūna ʿalayhā mina l-shāhidīna

Assamese সিহঁতে কৈছিল, ‘আমি তাৰ পৰা খাব বিচাৰো আৰু আমাৰ হৃদয়ে প্ৰশান্তি লাভ কৰিব, আৰু যাতে আমি জানিব পাৰো যে, তুমি কোৱা কথাবোৰ সত্য আৰু আমি এই বিষয়ে সাক্ষী হ’ব বিচাৰো’।

Verse 114

قَالَ عِيسَى ٱبْنُ مَرْيَمَ ٱللَّهُمَّ رَبَّنَآ أَنزِلْ عَلَيْنَا مَآئِدَةً مِّنَ ٱلسَّمَآءِ تَكُونُ لَنَا عِيدًا لِّأَوَّلِنَا وَءَاخِرِنَا وَءَايَةً مِّنكَ ۖ وَٱرْزُقْنَا وَأَنتَ خَيْرُ ٱلرَّٰزِقِينَ

Transliteration qāla ʿīsā ub'nu maryama l-lahuma rabbanā anzil ʿalaynā māidatan mina l-samāi takūnu lanā ʿīdan li-awwalinā waākhirinā waāyatan minka wa-ur'zuq'nā wa-anta khayru l-rāziqīna

Assamese মাৰইয়ামৰ পুত্ৰ ঈছাই ক’লে, ‘হে আল্লাহ (তুমি) আমাৰ ৰব! আমাৰ বাবে আকাশৰ পৰা দস্তৰখান অৱতীৰ্ণ কৰা; এইটো আমাৰ আৰু আমাৰ পূৰ্বৱৰ্তী লগতে পৰৱৰ্তী সকলোৰে বাবে হ’ব আনন্দোৎসৱ স্বৰূপ আৰু এয়া হ'ব তোমাৰ ফালৰ পৰা এটা নিদৰ্শন। আমাক জীৱিকা দান কৰা, তুমিয়েইতো শ্ৰেষ্ঠ জীৱিকাদাতা’।

Verse 115

قَالَ ٱللَّهُ إِنِّى مُنَزِّلُهَا عَلَيْكُمْ ۖ فَمَن يَكْفُرْ بَعْدُ مِنكُمْ فَإِنِّىٓ أُعَذِّبُهُۥ عَذَابًا لَّآ أُعَذِّبُهُۥٓ أَحَدًا مِّنَ ٱلْعَـٰلَمِينَ

Transliteration qāla l-lahu innī munazziluhā ʿalaykum faman yakfur baʿdu minkum fa-innī uʿadhibuhu ʿadhāban lā uʿadhibuhu aḥadan mina l-ʿālamīna

Assamese আল্লাহে ক’লে, ‘নিশ্চয় মই তোমালোকৰ ওচৰত সেয়া অৱতীৰ্ণ কৰিম, কিন্তু ইয়াৰ পিছত তোমালোকৰ মাজৰ পৰা কোনোবাই কুফুৰী কৰিলে তাক মই এনেকুৱা শাস্তি বিহিম যিটো শাস্তি সৃষ্টিজগতৰ আন কাকো নিদিওঁ’।

Verse 116

وَإِذْ قَالَ ٱللَّهُ يَـٰعِيسَى ٱبْنَ مَرْيَمَ ءَأَنتَ قُلْتَ لِلنَّاسِ ٱتَّخِذُونِى وَأُمِّىَ إِلَـٰهَيْنِ مِن دُونِ ٱللَّهِ ۖ قَالَ سُبْحَـٰنَكَ مَا يَكُونُ لِىٓ أَنْ أَقُولَ مَا لَيْسَ لِى بِحَقٍّ ۚ إِن كُنتُ قُلْتُهُۥ فَقَدْ عَلِمْتَهُۥ ۚ تَعْلَمُ مَا فِى نَفْسِى وَلَآ أَعْلَمُ مَا فِى نَفْسِكَ ۚ إِنَّكَ أَنتَ عَلَّـٰمُ ٱلْغُيُوبِ

Transliteration wa-idh qāla l-lahu yāʿīsā ib'na maryama a-anta qul'ta lilnnāsi ittakhidhūnī wa-ummiya ilāhayni min dūni l-lahi qāla sub'ḥānaka mā yakūnu lī an aqūla mā laysa lī biḥaqqin in kuntu qul'tuhu faqad ʿalim'tahu taʿlamu mā fī nafsī walā aʿlamu mā fī nafsika innaka anta ʿallāmu l-ghuyūbi

Assamese আৰু স্মৰণ কৰা, আল্লাহে যেতিয়া ক’ব, ‘হে মাৰইয়ামৰ পুত্ৰ ঈছা! তুমি মানুহক এই কথা কৈছিলা নেকি যে, তোমালোকে আল্লাহৰ বাহিৰে মোক আৰু মোৰ মাকক উপাস্যৰূপে গ্ৰহণ কৰা? তেওঁ ক’ব, ‘তুমি মহিমান্বিত! যিটো কোৱাৰ অধিকাৰ মোৰ নাই সেইটো কোৱা মোৰ পক্ষে কেতিয়াও শোভনীয় নহয়। যদি মই এনেকৈ ক’লোহেঁতেন তেন্তে তুমিতো সেয়া জানিলাহেঁতেন। মোৰ অন্তৰৰ কথাতো তুমি জানা, কিন্তু তোমাৰ অন্তৰৰ কথা মই নাজানো, নিশ্চয় তুমি অদৃশ্য সম্পৰ্কে সৰ্বজ্ঞানী’।

Verse 117

مَا قُلْتُ لَهُمْ إِلَّا مَآ أَمَرْتَنِى بِهِۦٓ أَنِ ٱعْبُدُوا۟ ٱللَّهَ رَبِّى وَرَبَّكُمْ ۚ وَكُنتُ عَلَيْهِمْ شَهِيدًا مَّا دُمْتُ فِيهِمْ ۖ فَلَمَّا تَوَفَّيْتَنِى كُنتَ أَنتَ ٱلرَّقِيبَ عَلَيْهِمْ ۚ وَأَنتَ عَلَىٰ كُلِّ شَىْءٍ شَهِيدٌ

Transliteration mā qul'tu lahum illā mā amartanī bihi ani uʿ'budū l-laha rabbī warabbakum wakuntu ʿalayhim shahīdan mā dum'tu fīhim falammā tawaffaytanī kunta anta l-raqība ʿalayhim wa-anta ʿalā kulli shayin shahīdun

Assamese ‘তুমি মোক যি আদেশ কৰিছিলা তাৰ বাহিৰে মই সিহঁতক একো কোৱা নাই, সেয়া হৈছে যে, তোমালোকে আল্লাহৰ ইবাদত কৰা যিজন মোৰ ৰব আৰু তোমালোকৰো ৰব; আৰু যিমান দিনলৈকে মই সিহঁতৰ মাজত আছিলো সিমান দিনলৈকে মই সিহঁতৰ কাৰ্যকৰ্মৰ সাক্ষী আছিলো, কিন্তু যেতিয়া তুমি মোক উঠাই আনিলা তেতিয়া তুমিয়েইতো আছিলা সিহঁতৰ কৃতকৰ্মৰ তত্ত্বাৱধায়ক আৰু তুমিয়েই সকলো বস্তুৰ পৰ্যবেক্ষক।

Verse 118

إِن تُعَذِّبْهُمْ فَإِنَّهُمْ عِبَادُكَ ۖ وَإِن تَغْفِرْ لَهُمْ فَإِنَّكَ أَنتَ ٱلْعَزِيزُ ٱلْحَكِيمُ

Transliteration in tuʿadhib'hum fa-innahum ʿibāduka wa-in taghfir lahum fa-innaka anta l-ʿazīzu l-ḥakīmu

Assamese যদি তুমি সিহঁতক শাস্তি দিয়া তেন্তে সিহঁততো তোমাৰেই বান্দা, আৰু যদি সিহঁতক ক্ষমা কৰি দিয়া তেন্তে তুমিতো মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।

Verse 119

قَالَ ٱللَّهُ هَـٰذَا يَوْمُ يَنفَعُ ٱلصَّـٰدِقِينَ صِدْقُهُمْ ۚ لَهُمْ جَنَّـٰتٌ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ خَـٰلِدِينَ فِيهَآ أَبَدًا ۚ رَّضِىَ ٱللَّهُ عَنْهُمْ وَرَضُوا۟ عَنْهُ ۚ ذَٰلِكَ ٱلْفَوْزُ ٱلْعَظِيمُ

Transliteration qāla l-lahu hādhā yawmu yanfaʿu l-ṣādiqīna ṣid'quhum lahum jannātun tajrī min taḥtihā l-anhāru khālidīna fīhā abadan raḍiya l-lahu ʿanhum waraḍū ʿanhu dhālika l-fawzu l-ʿaẓīmu

Assamese আল্লাহে ক’ব, ‘এইটোৱে সেই দিন, যিদিনা সত্যবাদীসকলে সিহঁতৰ সত্যৰ বাবে উপকৃত হ’ব, সিহঁতৰ বাবে আছে জান্নাত যাৰ তলত নদীসমূহ প্ৰবাহিত। সিহঁতে তাত চিৰস্থায়ী হ’ব, আল্লাহ সিহঁতৰ প্ৰতি সন্তুষ্ট আৰু সিহঁতেও আল্লাহৰ প্ৰতি সন্তুষ্ট, এইটোৱেই মহাসফলতা।

Verse 120

لِلَّهِ مُلْكُ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَمَا فِيهِنَّ ۚ وَهُوَ عَلَىٰ كُلِّ شَىْءٍ قَدِيرٌۢ

Transliteration lillahi mul'ku l-samāwāti wal-arḍi wamā fīhinna wahuwa ʿalā kulli shayin qadīrun

Assamese আকাশমণ্ডল আৰু পৃথিৱী লগতে এই দুয়োৰ মাজত যি আছে সেই সকলোৰে ৰাজত্ব আল্লাহৰেই আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।

Read Surah Al-Ma'idah in another language

All languages

All 114 surahs in Assamese: the Qur’an in Assamese.

Learn it in MyDugsi

Assamese translation: Shaykh Rafeequl Islam Habibur-Rahman, from Quran.com. Transliteration: Quran.com. Recitation: Mishary Alafasy, from EveryAyah.com. MyDugsi is a learning aid, not a replacement for a qualified teacher.